অসম

assam

ETV Bharat / bharat

গণেশৰ মূৰ্তি বিসৰ্জনৰ মাজতেই সোঁতে উটুৱাই নিলে কেইবাজনো ভক্তক - নৈৰ সোঁতে উটুৱাই নিলে কেইবাজনো ভক্তক

গণেশৰ মূৰ্তি উটুৱাবলৈ যাওতেই পানীৰ সোঁতে উটুৱাই নিলে বহুকেইজন ভক্তক (people drowned during idol immersion) ৷ মহেন্দ্ৰগড়ৰ গণেশ মণ্ডল নামৰ অঞ্চলৰ ৰাইজে পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে গণেশৰ পূজাৰ বিসৰ্জন দিবলৈ যাওঁতেই পানীত বহু লোক উটি যোৱাত হুৱা-দুৱা লাগে (Accident during immersion of Ganesh idol in Mahendragarh)৷

people-drowned-during-idol-immersion-in-mahendragarh
গণেশৰ মূৰ্তি বিসৰ্জন কৰিবলৈ যাওঁতেই সোঁতে উটুৱাই নিয়ে বহু ভক্তক

By

Published : Sep 9, 2022, 10:16 PM IST

নেশ্যনেল ডেস্ক, 9 ছেপ্টেম্বৰ: হাৰিয়ানাত গণেশ পূজাৰ বিসৰ্জনস্থলীত ভয়ংকৰ ঘটনা সংঘটিত হৈছে ৷ গণেশৰ মূৰ্তি উটুৱাবলৈ যাওঁতেই পানীৰ সোঁতে উটুৱাই নিয়ে বহুকেইজন ভক্তক ৷ মহেন্দ্ৰগড়ৰ গণেশ মণ্ডল নামৰ অঞ্চলৰ ৰাইজে পৰম্পৰাগত নীতি নিয়মৰ মাজেৰে গণেশৰ পূজাৰ বিসৰ্জন দিবলৈ যাওঁতেই পানীত বহু লোক উটি যোৱাত হুৱা-দুৱা লাগে (Accident during immersion of Ganesh idol in Mahendragarh)৷

আসনৱাছৰ ডাঙৰ পুখুৰীটোত মূৰ্তিটো বিসৰ্জন দি থাকোঁতে অধিক লোকৰ জনসমাগম হোৱা বাবে প্ৰবল সোঁতে বহু লোকক উটুৱাই লৈ যায় ৷ লগে লগে ঘটনাস্থলীত উপস্থিত থকা আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে ৷ ইতিমধ্যে অভিযানকাৰী দলটোৱে 5 গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰে যদিও দুজনৰ অৱস্থা সংকটজনক ৷

ইফালে এই ঘটনাত বিশাল জনসমাগমৰ বাবে এতিয়ালৈ উটি যোৱা লোকৰ সঠিক সংখ্যা জানিব পৰা হোৱা নাই ৷ অৱশ্যে স্থানীয় লোকৰ অনুমান অনুসৰি এই ঘটনাত ডুব যোৱা ১৫ জনতকৈ অধিক লোক হ’ব পাৰে বুলি আশংকা কৰা হৈছে ৷

এই ঘটনাৰ পিছতে নিৰাপত্তাৰক্ষীয়ে নলাটোলৈ পানী অহা পথটো বন্ধ কৰি দিয়ে ৷ যাতে পানীৰ প্ৰবাহ কম হোৱাৰ ফলত উদ্ধাৰকাৰী দলে লোকসকলক উদ্ধাৰ কৰিবলৈ সুবিধা হয় ৷ সম্প্ৰতি ঘটনাস্থলীত উদ্ধাৰ অভিযান অব্যাহত আছে ৷

লগতে পঢ়ক:দ্বিতীয় শ্ৰেণীৰ ছাত্ৰক গৰম পানী ঢালি বৰ্বৰ অত্যাচাৰ শিক্ষকৰ

ABOUT THE AUTHOR

...view details