নিউজ ডেস্ক, ৮ ফেব্ৰুৱাৰী:পিডিপি নেতা তথা জম্মু-কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক বুধবাৰে দিল্লী আৰক্ষীয়ে আটক কৰে(PDP President Mehbooba Mufti detained in Delhi) । জম্মু আৰু কাশ্মীৰত প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আজি দিল্লীত উপস্থিত হৈছিল জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতি । দিল্লী আৰক্ষীয়ে প্ৰতিবাদস্থলীৰ পৰা আটক কৰে জন্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিক ৷ মেহবুবা মুফতিৰ লগতে প্ৰতিবাদস্থলীত উপস্থিত পিডিপি নেতাসকলকো আটক কৰে দিল্লী আৰক্ষীয়ে ।
মেহবুবা মুফতিৰ(PDP President Mehbooba Mufti) নেতৃত্বত পিডিপি নেতাসকলে দিল্লীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেওঁলোকে নতুন দিল্লীৰ ৰেল ভৱনৰ সমীপৰ পৰা এক প্ৰতিবাদী সমদল উলিয়াই বিভিন্ন বিৰোধী শ্ল’গানেৰে উত্তাল কৰি তোলে দিল্লীৰ ৰাজপথ ৷ এই প্ৰতিবাদী সমদল সংসদ ভৱনলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছিল প্ৰতিবাদকাৰীসকলে । কিন্তু এনে সময়তে দিল্লী আৰক্ষীৰ এটা দল উপস্থিত হৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে প্ৰতিবাদকাৰী পিডিপি নেতাসকলক আটক কৰে । দিল্লী আৰক্ষীৰ এই কাণ্ডত অধিক সোঁচ্চাৰ হৈ পৰে প্ৰতিবাদকাৰীসকল ৷
দিল্লী আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আটক কৰি বাহনেৰে আৰক্ষী থানালৈ লৈ যোৱাৰ সময়তো প্ৰতিবাদকাৰীসকলে চৰকাৰ তথা প্ৰশাসনক কঠোৰ ভাষাৰে সমালোচনা কৰে ৷ জম্মু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মেহবুবা মুফতিয়ে(Former Jammu and Kashmir CM Mehbooba Mufti) কয় যে, জম্মু-কাশ্মীৰত গুণ্ডাৰাজ চলি আছে । জম্মু-কাশ্মীৰক আফগানিস্তানৰ দৰে ধ্বংস কৰা হৈছে ।