অসম

assam

ETV Bharat / bharat

জামিনৰ চৰ্ত শিথিলৰ আবেদন পিডিপি নেতা মুণ্ডানিৰ - 2008 Bengaluru bomb blast case

পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টিৰ(পিডিপি) নেতা আব্দুল নাজিৰ মুণ্ডানিয়ে জামিনৰ চৰ্ত শিথিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন কৰে । ২০০৮ চনৰ বেঙ্গালুৰু বোমা বিস্ফোৰণৰ অন্যতম অভিযুক্ত নেতাগৰাকীয়ে জামিনৰ চৰ্ত শিথিল কৰিবলৈ আবেদন জনালে যাতে তেওঁ কেৰালাৰ গৃহ চহৰলৈ যাব পাৰে ।

জামিনৰ চৰ্ত শিথিলৰ আবেদন পিডিপি নেতা মুণ্ডানিৰ
জামিনৰ চৰ্ত শিথিলৰ আবেদন পিডিপি নেতা মুণ্ডানিৰ

By

Published : Apr 2, 2021, 6:51 PM IST

নেশ্যনেল ডেস্ক,২ এপ্ৰিল:জামিনৰ চৰ্ত শিথিল কৰিবলৈ উচ্চতম ন্যায়ালয়ত আবেদন পিপ'লছ ডেম'ক্ৰেটিক পাৰ্টিৰ(পিডিপি) নেতা আব্দুল নাজিৰ মুণ্ডানিৰ । ২০০৮ চনৰ বেঙ্গালুৰু বোমা বিস্ফোৰণৰ অন্যতম অভিযুক্ত নেতাগৰাকীয়ে জামিনৰ চৰ্ত শিথিল কৰিবলৈ আবেদন জনালে যাতে তেওঁ কেৰালাৰ গৃহ চহৰলৈ যাব পাৰে ।

মুণ্ডানিয়ে তেওঁৰ আবেদনত উল্লেখ কৰা মতে ছয় বছৰৰ পাছতো বিচাৰ সম্পূৰ্ণ হোৱা নাই আৰু আদালতে অনুসূচী অনুসৰণ কৰিবলৈ ব্যৰ্থ হৈ "শামুকৰ গতি"ত আছে ঘটনাৰ সমগ্ৰ বিচাৰ প্ৰক্ৰিয়া সেয়ে কোন সময়ত শুনানি সমাপ্ত হ'ব তাৰো কোনো নিশ্চয়তা নাই । তদুপৰি, কোনো প্ৰিজাইডিং বিষয়াও নাই ।

আবেদন অনুসৰি মুণ্ডানিয়ে গ্ৰেপ্তাৰৰ পিছত ১১ বছৰ কাৰাগাৰত আৰু সাত বছৰ চৰ্তসাপেক্ষ জামিনত আছে । তেওঁৰ স্বাস্থ্য অৱনতি হোৱা কথা উল্লেখ কৰাৰ লগতে তেওঁক সঠিক চিকিৎসা প্ৰদান কৰা হোৱা নাই বুলিও উল্লেখ কৰে । আবেদনত তেওঁৰ পিতৃৰ কথা কথা উল্লেখ কৰা হৈছে যিজনে ষ্ট্ৰোকৰ পিছত শয্যাশায়ী হ'বলগীয়া হৈছে ।

উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে তেওঁক ২০১৪ চনত কেইবাটাও চৰ্ত সাপেক্ষে জামিন প্ৰদান কৰিছিল ।

লগতে পঢ়ক:ক'ভিড পৰিস্থিতি সন্দৰ্ভত কেবিনেট সচিবৰ বিশেষ বৈঠক

ABOUT THE AUTHOR

...view details