অসম

assam

ETV Bharat / bharat

Patna Opposition Meeting : অৰবিন্দ কেজৰিৱাল অসন্তুষ্ট নাছিল-তেজস্বী যাদৱ - Patna Opposition Meeting

বিৰোধী দলৰ বৈঠক সম্পৰ্কে গুৰুত্বপূৰ্ণ মন্তব্য বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱৰ । বৈঠকত অৰবিন্দ কেজৰিৱালৰ অসন্তুষ্টি সন্দৰ্ভত তেজস্বীয়ে কয় যে সেই খন ঐতিহাসিক বৈঠক আছিল ।

Patna Opposition Meeting
অৰবিন্দ কেজৰিৱাল অসন্তুষ্ট নাছিল

By

Published : Jun 24, 2023, 5:24 PM IST

নেশ্যনেল ডেস্ক,২৪ জুন : বিহাৰৰ পাটনাত শুকুৰবাৰে অনুষ্ঠিত হয় বিৰোধী দলৰ গুৰুত্বপূৰ্ণ বৈঠক । বৈঠকখনত দেশৰ প্ৰায় ১৫ টা বিজেপি বিৰোধী দলৰ নেতাই অংশগ্ৰহণ কৰে । ইফালে এই বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল অসন্তুষ্ট হোৱা বুলি এক প্ৰতিক্ৰিয়া চলিছে । কিন্তু এই অভিযোগ নস্যাৎ কৰে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে ।

উল্লেখ্য যে এই বৈঠকত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অসন্তুষ্টিৰ বিষয়টোৱে চৰ্চা লাভ কৰিছে । অৰবিন্দ কেজৰিৱালে কেন্দ্ৰৰ অধ্যাদেশৰ ওপৰত সকলো বিৰোধী একত্ৰিত হোৱাটো বিচাৰিছিল । বিশেষকৈ কংগ্ৰেছে আপক সমৰ্থন কৰাৰ বাবে কেজৰিৱালে জোৰ দিছিল । কিন্তু কংগ্ৰেছে অধ্যাদেশৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰা নাছিল । যাৰ বাবে কেজৰিৱাল সংবাদমেলৰ পূৰ্বেই দিল্লীলৈ ৰাওনা হয় ।

ইফালে বিহাৰৰ উপ মুখ্যমন্ত্ৰী তেজস্বী যাদৱে শনিবাৰে দিল্লীলৈ ৰাওনা হয় । কেজৰিৱাল অসন্তুষ্ট নেকি বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেজস্বী যাদৱে কয় যে কেজৰিৱালৰ কোনো অসন্তুষ্টি নাই । কোনেও ব্যক্তিগত লাভালাভৰ বাবে বৈঠকলৈ যোৱা নাছিল । জনসাধাৰণৰ দাবীত একত্ৰিত হৈছিল বুলি তেওঁ দাবী কৰে । ইফালে তেজস্বী যাদৱে জনোৱা মতে পৰৱৰ্তী বৈঠকখন চিমলাত অনুষ্ঠিত হ'ব ।

তেজস্বী যাদৱে লগতে কয় যে ৰাইজে নৰেন্দ্ৰ মোদীৰ বিষয়ে কথা পাতিব নিবিচাৰে । গতিকে ২০২৪ চনৰ পৰৱৰ্তী লোকসভা নিৰ্বাচন হ'ব জন নিৰ্বাচন । কোনো নিৰ্দিষ্ট ব্যক্তিৰ নিৰ্বাচন নহয় । দেশবাসীৰ স্বাৰ্থত নিৰ্বাচন অনুষ্ঠিত হ'ব বুলি তেওঁ উল্লেখ কৰে । তেজস্বী যাদৱৰ মতে শুকুবাৰৰ সভাত সকলো উপস্থিত আছিল । সকলোৱে ঐক্যবদ্ধভাৱে একনায়কত্ববাদ শক্তিৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ ঘোষণা কৰিছিল ।

বিৰোধীৰ এই বৈঠক সন্দৰ্ভত গৃহ মন্ত্ৰী অমিত শ্বাহে সমালোচনা কৰিছিল আৰু তেওঁলোকে ফটো চেছন কৰা বুলি সমালোচনা কৰিছিল । তেজস্বী যাদৱে ইয়াৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে বিজেপিয়ে এনে কৰে । এয়া বিজেপিৰ হে কাম বুলি তেজস্বী যাদৱে অভিযোগ কৰে । যাদৱৰ মতে বিৰোধী দলসমূহ ৰাইজৰ হিতৰ বাবে একত্ৰিত হৈছে ।

লগতে পঢ়ক :Opposition Unity: ভাৰতৰ অস্তিত্ব সংকটাপন্ন; ৰাহুল গান্ধী

ABOUT THE AUTHOR

...view details