নেশ্যনেল ডেস্ক, ২২ আগষ্ট :বিৰোধী মিত্ৰজোঁট ইণ্ডিয়ান নেশ্যনেল ডেভেলপমেণ্টেল ইনক্লুচিভ এলায়েন্স (INDIA)ৰ আহ্বায়ক সন্দৰ্ভত ৰাষ্ট্ৰীয় জনতা দলৰ মুৰব্বী লালু প্ৰসাদ যাদৱৰ গুৰুত্বপূৰ্ণ ঘোষণা । আৰজেডিৰ মুৰব্বী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী লালু প্ৰসাদে মঙলবাৰে দাবী কৰে যে যিকোনো ব্যক্তিয়ে বিৰোধী মিত্ৰজোঁটৰ আহ্বায়ক হ'ব পাৰে । 'INDIA' মিত্ৰজোঁটৰ আহ্বায়ক কোন হ'ব সেই সন্দৰ্ভত কোনো বিবাদ নাই বুলিও তেওঁ দাবী কৰে । লালুৱে কয় যে মুম্বাইত ৩১ আগষ্ট আৰু ১ ছেপ্টেম্বৰত অনুষ্ঠিত হ'বলগীয়া বৈঠকত আহ্বায়ক সন্দৰ্ভত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব ।
প্ৰতি ৩-৪ খন ৰাজ্যৰ বাবে আহ্বায়ক বা এখন ৰাজ্যৰ বাবে এজন আহ্বায়ক হোৱাৰ সম্ভাৱনা আছে । গোপালগঞ্জত সংবাদ মাধ্যমৰ সন্মুখত লালু যাদৱে এই কথা স্পষ্ট কৰে । দুটা বা ততোধিক দলৰ মাজত সমন্বয় স্থাপনৰ বাবে এজন আহ্বায়ক নিযুক্তি দিয়া হ'ব । এই বিষয়টোত কোনো বিবাদ নাই আৰু সকলোৱে মুম্বাইত একেলগে বহিব আৰু সৰ্বসন্মতিক্ৰমে INDIA ৰ আহ্বায়ক নিযুক্ত কৰিব বুলি তেওঁ উল্লেখ কৰে ।