নিউজ ডেস্ক, ৪ মে' :জাতিগত লোকপিয়ল সন্দৰ্ভত পাটনা হাইকোৰ্টত মুখথেকেচা খালে বিহাৰ চৰকাৰে (Caste Census in Bihar) । পাটনা উচ্চ ন্যায়ালয়ে বৃহস্পতিবাৰে সমগ্ৰ বিহাৰত চলি থকা জাতিগত লোকপিয়লৰ বিৰুদ্ধে অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশৰ নিৰ্দেশ দিয়ে (Patna High Court halts caste census in Bihar) ।
মুখ্য ন্যায়াধীশ কে ভি চন্দ্ৰনক লৈ গঠিত এক খণ্ড বিচাৰপীঠে এই নিৰ্দেশ জাৰি কৰে । এই অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ অহা ৩ জুলাইলৈকে বাহাল থাকিব । উল্লেখ্য, বিচাৰপীঠে বিহাৰত জাতিগত আৰু অৰ্থনৈতিক জৰীপৰ গণনাৰ ওপৰত প্ৰত্যাহ্বান জনোৱা আৰু অন্তৰ্ৱৰ্তীকালীন স্থগিতাদেশ বিচৰা এখন আবেদনৰ ওপৰত শুনানি সম্পূৰ্ণ কৰি নিজৰ ৰায় সংৰক্ষিত ৰাখে (Bihar govt cast census in Bihar) ।
আবেদনকাৰীৰ মতে, নীতিশ কুমাৰ নেতৃত্বাধীন বিহাৰ চৰকাৰে আৰম্ভ কৰা জাতিভিত্তিক লোকপিয়ল ৰাজ্য চৰকাৰৰ আওতালৈ নাহে (Nitish Kumar led Bihar government) । আবেদনকাৰীৰ অধিবক্তা দিনু কুমাৰে আদালতক জনায় যে, বিষয়টো ৰাজ্য চৰকাৰৰ অধিকাৰ ক্ষেত্ৰৰ বাহিৰত পৰা সত্ত্বেও চৰকাৰে জাতিগত লোকপিয়ল পৰিচালনা কৰি আছে । লগতে আবেদনকাৰীয়ে এই তথ্যও দাখিল কৰে যে কেৱল কেন্দ্ৰীয় চৰকাৰেহে আইন অনুসৰি এনে জৰীপ কৰিব পাৰে । তেওঁ লগতে কয় যে, ৰাজ্য চৰকাৰে বিহাৰত জাতিভিত্তিক জৰীপৰ বাবে ৫০০ কোটি টকা ব্যয় কৰিছে ।