নেশ্যনেল ডেস্ক,২৪ এপ্ৰিল : সোমবাৰে অৰ্থাৎ আজি পাটনা উচ্চ ন্যায়ালয়ত ৰাহুল গান্ধীৰ আবেদনক লৈ গুৰুত্বপূৰ্ণ শুনানি (Patna Court hearing on Modi surname issue)। মোডী উপাধি গোচৰত পাটনাৰ এমপি/এম এল এ আদালতত ৰাহুল গান্ধী উপস্থিত হ'ব লাগিব নে নাই এই শুনানিৰ পাচতে নিশ্চিত হ'ব । ২৫ এপ্ৰিলত এমপি/এম এল এ আদালতে ৰাহুল গান্ধীক আদালতত হাজিৰ হ'বলৈ জাননী প্ৰেৰণ কৰিছিল । সেই জাননীক প্ৰত্যাহ্বান জনাই ৰাহুল গান্ধীয়ে আবেদন দাখিল কৰিছিল ।
১২ এপ্ৰিলত পাটনাৰ এমপি-এমএলএ আদালতত মোডীৰ উপাধি গোচৰত শুনানি অনুষ্ঠিত হৈছিল । শুনানিৰ সময়ত ৰাহুল গান্ধীক ব্যক্তিগতভাৱে উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল (Patna MP MLA court order against Rahul Gandhi)।
উল্লেখ্য যে এই গোচৰটো ২০১৯ চনত সুশীল কুমাৰ মোডীয়ে দাখিল কৰিছিল । তেওঁ অভিযোগ কৰিছিল যে ৰাহুল গান্ধীয়ে মোডী উপাধিৰ লোকক চোৰ বুলি কৈ অপমান কৰিছে । তাৰ পাচত গোচৰটোত, কংগ্ৰেছ নেতাজনে আদালতত উপস্থিত হয় আৰু জামিনো গ্ৰহণ কৰে । এই গোচৰত ৫ জন সাক্ষী আছে । তাৰ ভিতৰত আছে সুশীল কুমাৰ মোডী । সুশীল মোডী এই গোচৰটোৰ অন্তিম সাক্ষী ।