অসম

assam

ETV Bharat / bharat

ICU ত থকা অৱস্থাত ৰোগীক কামুৰিলে নিগনিয়ে

আইচিইউত থকা অৱস্থাত এজন ৰোগীক কামুৰিলে নিগনিয়ে (patient in ICU bitten by rats ) ৷ সম্প্ৰতি সংকটজনক অৱস্থাত ৰোগী ৷ সবিশেষ জানো আহক ৷

By

Published : Mar 31, 2022, 7:15 PM IST

patient-in-icu-bitten-by-rats-at-mgm-hospital-in-warangal
ICU ত থকা অৱস্থাত ৰোগীক কামুৰিলে নিগনিয়ে

নেচনেল ডেস্ক, 31 মাৰ্চ :এইবাৰ আইচিইউত থকা অৱস্থাত এজন ৰোগীক নিগনিয়ে কামোৰাক লৈ সৃষ্টি হৈছে চাঞ্চল্য ( patient in ICU bitten by rats ) ৷ ৪ দিন আগতে বিশেষ অসুস্থতাৰ বাবে লোকজনক ভৰ্তি কৰা হৈছিল হাস্পতালত ৷ তেওঁৰ শাৰীৰিক অসুস্থতাৰ প্ৰতি লক্ষ্য কৰি চিকিৎসকেও তেওঁক আইচিইউলৈ স্থানান্তৰ কৰে কিন্তু ইয়াৰ পিছতে সংঘটিত হ’ল অঘটনটো ৷

আইচিইউত থকা অৱস্থানতে ৰোগীজনৰ ভৰি আৰু বাহুত কামুৰিলে নিগনিয়ে ৷ ইয়াকলৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ কিদৰে এজন আইচিইউত চিকিৎসাধীন ৰোগীক নিগনিয়ে কামুৰিলে তাকলৈ কোনেও গুৰুত্ব নিদিয়াৰো উত্থাপিত হৈছে অভিযোগ । এই ঘটনা সংঘটিত হৈছে ৱাৰাংগলৰ এমজিএম চিকিৎসালয়ত (MGM Hospital in Warangal in controversy) ৷

উল্লেখযোগ্য যে, চিকিৎসালয়খনত চিকিৎসাধীন হৈ থকা শ্ৰীনিবাস নামৰ লোকজনৰ সৈতে সংঘটিত হৈছে এই ভয়াৱহ ঘটনা ৷

এই ঘটনাটোৰ পিছতে এতিয়া ৱাৰাংগলৰ এমজিএম চিকিৎসালয়ৰ আন ৰোগীসকলেও এই ঘটনাটোক লৈ যথেষ্ট সংকিত হৈ পৰা বুলি জানিব পৰা গৈছে ৷ এমজিএমৰ অধীক্ষক ডাঃ শ্ৰীনিবাস ৰাৱে এই সন্দৰ্ভত জানিবলৈ দি কৈছে যে, চিকিৎসালয় কৰ্তৃপক্ষই এই ধৰণৰ কাৰ্যপ্ৰতিৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব । ইয়াৰোপৰি, ভুক্তভোগী শ্ৰী নিবাসৰ শাৰিৰীক অৱস্থা বৰ্তমানেও সংকটজনক বুলি জানিবলৈ দিছে চিকিৎসালয়খনৰ অধীক্ষক গৰাকীয়ে ৷

লগতে পঢ়ক :জন্মদিন পালন নে আসুৰিক তৃপ্তি ? শিয়ঁৰি উঠিব আপুনিও...

ABOUT THE AUTHOR

...view details