নেচলেল ডেস্ক, 3 মে’: পাঠানকোট আৰক্ষীয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে পাকিস্তানলৈ সীমান্ত অঞ্চলৰ বিষয়ে চোৰাংচোৱা তথ্য প্ৰেৰণ (sending intelligence of border areas to Pakistan) কৰাৰ বাবে এজন লোকক গ্ৰেপ্তাৰ কৰিছে । গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ পৰা আৰক্ষীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত তথ্য লাভৰ আশা কৰাৰ কথা জানিব পৰা গৈছে ।
ইতিমধ্যে, আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ বিৰুদ্ধে অস্ত্ৰ আইন আৰু এনডিপিএছ আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে(Case registered under Arms Act and NDPS Act) ৷