নেশ্যনেল ডেস্ক, ২ জানুৱাৰী: কৰ'ণাসৃষ্ট পৰিৱেশৰ মাজতে ভাৰত আৰু ব্ৰিটেইনৰ মাজত অহা ৮ জানুৱাৰীৰ পৰা আৰম্ভ হ'ব বিমান চলাচল । শুকুৰবাৰে এই কথা জনায় কেন্দ্ৰীয় অসামৰিক বিমান মন্ত্ৰী হৰদ্বীপ সিং পুৰীয়ে । যিসকল যাত্ৰীয়ে ২৩ ডিচেম্বৰত টিকট বুক কৰিছিল সেইসকল যাত্ৰীয়ে বিমান চলাচলৰ প্ৰথম দিনাই যাত্ৰা কৰিব পাৰিব বুলি জনায় এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা ।
এয়াৰ ইণ্ডিয়াৰ তৰফৰ পৰা ২২ ডিচেম্বৰৰ দিনাই সকলো যাত্ৰীৰ সৈতে যোগাযোগ কৰি তেওঁলোকে বুকিং কৰা টিকটৰ পুনঃনিৰ্ধাৰণ কৰে । দুয়োখন দেশৰ মাজত ২৩ জানুৱাৰীলৈকে প্ৰতি সপ্তাহত ৩০ খন বিমান চলাচল কৰিব । ৩০ ডিচেম্বৰত মন্ত্ৰালয়ে ব্ৰিটেইনৰ পৰা ৭ জানুৱাৰীলৈ বিমানৰ অস্থায়ী চলাচল সাময়িকভাৱে বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । ভাৰতীয় আৰু ব্ৰিটিছ এয়াৰলাইনে দিল্লী, মুম্বাই, বেংগালুৰু আৰু হায়দৰাবাদলৈকে প্ৰতি সপ্তাহত ১৫-১৫ খনকৈ বিমান চলাচল হ'ব ।