নেশ্যনেল ডেস্ক,৯ ডিচেম্বৰ :উত্তৰ প্ৰদেশৰ বাৰাণসী বিমান বন্দৰত হুলস্থূলীয়া পৰিৱেশ (Tense situation in Varanasi Airport)। বিমান পৰিচালনা কৰা কোম্পানী স্পাইচ জেটৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে একাংশ যাত্ৰীয়ে । বিমান উৰণৰ সময় ১২ ঘণ্টা পলম হোৱাৰ বাবে ক্ষোভিত হৈ পৰিছে যাত্ৰীসকল । ফলস্বৰূপে বিমানবন্দৰত উত্তেজনাময় পৰিৱেশে বিৰাজ কৰিছে ।
জানিব পৰা মতে বৃহস্পতিবাৰে নিশা বাৰাণসীৰ লাল বাহাদুৰ শাস্ত্ৰী আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত মুম্বাই অভিমুখী এখন বিমানখন ১২ ঘণ্টাতকৈও অধিক পলম হোৱাৰ বাবে যাত্ৰীসকলৰ মাজত হুলস্থূল লাগে । বিমানবন্দৰত মুম্বাইলৈ যাবলগীয়া যাত্ৰীসকলে বিভিন্ন শ্ল'গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে । ১২ ঘণ্টা পলম হোৱাৰ পাছত নিশা ১০:৩০ বজাত বিমানখন মুম্বাইলৈ উৰা মাৰিছিল (Spice Jet flight delayed by 12 hours)। তাৰ পাছত হে বিমানবন্দৰৰ পৰিস্থিতি শান্ত হয় ।
উল্লেখ্য যে স্পাইচ জেটৰ বিমান এছজি-২০১ বৃহস্পতিবাৰে পুৱা ৭:৪৫ বজাত মুম্বাইৰ পৰা উৰা মাৰিব আৰু পুৱা ১০ বজাত বাৰাণসী বিমানবন্দৰত উপস্থিত হ'ব । একেখন বিমানে পুৱা ১০:৩০ বজাত বাৰাণসী বিমানবন্দৰৰ পৰা উৰা মাৰিব আৰু দুপৰীয়া ১২:৩০ বজাত মুম্বাইত অৱতৰণ কৰিব । যাৰ বাবে মুম্বাইলৈ যাবলগীয়া বিমানখনৰ যাত্ৰীসকল পুৱা ৮ বজাৰ পৰা ৯ বজাৰ ভিতৰত বাৰাণসী বিমানবন্দৰত উপস্থিত হৈছিল ।