অসম

assam

ETV Bharat / bharat

Hemkund Sahib Yatra : হেমকুণ্ডৰ যাত্ৰা পথত হিমস্খলন, নিহত এগৰাকী তীৰ্থযাত্ৰী - উত্তৰাখণ্ডৰ চমোলী জিলাৰ যোশীমঠ

হেমকুণ্ডৰ যাত্ৰা পথত সংঘটিত হৈছে এক হিমস্খলনৰ ঘটনা (Hemkund Sahib Yatra) । হিমস্খলনৰ ফলত আৱদ্ধ হৈ পৰে ছয়গৰাকী তীৰ্থ যাত্ৰী ৷ অৱশ্যে উদ্ধাৰকাৰী দলৰ তৎপৰতাত পাঁচজন যাত্ৰীক জীৱিত অৱস্থাত আৰু এগৰাকী মহিলাক মৃত অৱস্থাত উদ্ধাৰ কৰা হয় ৷

Woman pilgrim returning from Hemkund Sahib
যোশীমঠত হিমস্খলন

By

Published : Jun 5, 2023, 10:54 AM IST

নেশ্যলেন ডেস্ক, 5 জুন :উত্তৰাখণ্ডৰ চমোলী জিলাৰ যোশীমঠৰ পৰা আহিছে এক ডাঙৰ খবৰ। দেওবাৰে হেমকুণ্ডত হিমখণ্ড ভাঙি যোৱাৰ বাবে আৱদ্ধ হৈ পৰে মুঠ ছয়জন যাত্ৰী (Hemkund Sahib Yatra)। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ পিচতে উক্ত স্থানত উপস্থিত হয় এছডিআৰএফ আৰু আৰক্ষীৰ দল । ইয়াৰ পিচতে উদ্ধাৰকাৰী দলে পাঁচগৰাকী তীৰ্থযাত্ৰীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল ।

অৱশ্যে এই ঘটনাৰ পাচতে নিৰুদ্দেশ হৈ আছিল এগৰাকী মহিলা ভক্ত (Woman pilgrim returning from Hemkund Sahib missing) ৷ গভীৰ নিশালৈকে মহিলা ভক্তগৰাকীৰ সন্ধানত অব্যাহত ৰখা হৈছিল যদিও আন্ধাৰৰ বাবে আধাতে উদ্ধাৰ অভিযান বন্ধ কৰিব লগাত পৰে উদ্ধাৰকাৰী দলে । ইয়াৰ পিচত আজি পুৱাৰে পৰা পুনৰ আৰম্ভ কৰা হয় অনুসন্ধান অভিযান ।

লগতে পঢ়ক :Bihar Bridge Collapse: ভয়ংকৰ ! অন কেমেৰা ভাগি পৰিল নদীৰ ওপৰত নিৰ্মীয়মান পকী দলং

তথ্য অনুসৰি, হেমকুণ্ড চাহাব পথচাৰী পথৰ আটলাকোটিত হিমস্খলনৰ ফলত নিৰুদ্দেশ হৈ পৰা মহিলা ভক্তগৰাকীৰ ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে এছডিআৰএফ দলে । দেওবাৰে হিমস্খলৰ ফলত মহিলাগৰাকীৰ মৃতদেহ বৰফৰ তলত পোত যায় । নিহত মহিলা তীৰ্থযাত্ৰীগৰাকীৰ নাম কমলজিৎ কৌৰ বুলি জানিব পৰা গৈছে ৷ ইতিমধ্যে এছ ডি আৰ এফ দলে নিহত মহিলাগৰাকীৰ মৃতদেহটো আৰক্ষীক গতাই দিছে (Passengers hit by avalanche on Hemkund Sahib Yatra route)।

ইফালে চমোলিৰ আৰক্ষী অধীক্ষক প্ৰমেন্দ্ৰ ডোবালে উল্লেখ কৰা অনুসৰি, দেওবাৰে হেমকুণ্ড চাহাব যাত্ৰা পথৰ আটলাজোডীৰ সমীপত হৈছিল হিমস্খলন ৷ এই হিমস্খলনত আৱদ্ধ হৈ পৰিছিল মুঠ ছয়জন যাত্ৰী ৷ অৱশ্যে এছডিআৰএফ আৰু আৰক্ষীৰ তৎপৰতাত পাঁচজন যাত্ৰীক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷

কিন্তু নিৰুদ্দেশ হৈ পৰে এগৰাকী মহিলা ৷ অৱশ্যে SDRF, ITBP জোৱানৰ সহাযোগত উদ্ধাৰ কৰা হয় সন্ধানহীন মহিলাগৰাকীৰ মৃতদেহ ৷

লগতে পঢ়ক :Odisha Train Tragedy; বালাচোৰৰ দুয়োটা লাইনতে পুনৰ আৰম্ভ ৰে’ল সেৱা: অশ্বিনী বৈষ্ণৱ

ABOUT THE AUTHOR

...view details