নেশ্যনেল ডেস্ক,১৫ জানুৱাৰী :ঘন কুঁৱলীৰ বাবে ৰাজধানী দিল্লীত বহু বিমান আৰু ৰে'ল বিলম্ব হোৱা দেখা গৈছে । যাৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । এনে এক সময়তে এখন ইণ্ডিগ' বিমানৰ ভিতৰৰ এটা ভিডিঅ' ভাইৰেল হৈছে । য'ত এজন যাত্ৰীয়ে বিমানৰ পাইলটক প্ৰহাৰ কৰা দেখা গৈছে । জানিব পৰা মতে ঘটনাটো দেওবাৰে সংঘটিত হৈছিল । প্ৰতিকূল বতৰৰ বাবে দিল্লী বিমানবন্দৰত বিমানখনৰ অৱতৰণ পলম হোৱাৰ বিষয়ে ঘোষণা কৰি থকা অৱস্থাতে পাইলটক যাত্ৰীজনে প্ৰহাৰ কৰে ।
এয়াৰলাইনৰ সূত্ৰ অনুসৰি, পুৰুষ যাত্ৰীজনে দিল্লী-গোৱা ইণ্ডিগ' বিমানৰ (6E-2175) পাইলট অনুপ কুমাৰক আক্ৰমণ কৰিছিল । পাইলটজনে দুপৰীয়া প্ৰায় ১ মান বজাত বিমানখনৰ অৱতৰণত পলম হোৱাৰ বিষয়ে ঘোষণা কৰি আছিল । ভাইৰেল ভিডিঅ'টোত উত্তেজিত যাত্ৰীজনক পিছফালৰ আসনৰ পৰা দৌৰি অহা দেখা গৈছে আৰু পাইলটক আক্ৰমণ কৰিছে । ক্ৰু সদস্যসকলক উত্তেজিত যাত্ৰীজনক শান্ত কৰিবলৈ চেষ্টা কৰা দেখা গৈছে আৰু আন লোকসকলেও তেওঁক বহি থকাৰ পৰামৰ্শ দিয়ে । ঘটনাটোৰ ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হোৱাৰ পিচত বিমান সুৰক্ষা সংস্থাই বিষয়টো গুৰুত্ব সহকাৰে লৈ তদন্ত আৰম্ভ কৰিছে ।