নিউজ ডেস্ক, 15 জানুৱাৰী: নেপালৰ পোখৰা বিমান বন্দৰত ভয়ংকৰ দুৰ্ঘটনা(aircraft crashed at Pokhara Airport) ৷ ৰাণৱেতেই জ্বলি উঠিল 72 গৰাকী যাত্ৰীৰে পূৰ্ণ এখন বিমান ৷ সম্প্ৰতি চলি আছে উদ্ধাৰ অভিযান ৷ লগতে বন্ধ কৰি দিয়া হৈছে বিমান বন্দৰটো ৷ বিমানখনত আছিল 68 গৰাকী যাত্ৰী আৰু 4 গৰাকী পৰিচালক ৷ দুৰ্ঘটনাগ্ৰস্ত বিমানখন আছিল য়েটি বিমান সংস্থাৰ ৷
প্ৰাপ্ত তথ্য অনুসৰি বৰ্তমানলৈকে 36গৰাকীলোকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ অৱশ্যে নেপালৰ সংবাদমাধ্যমে 53গৰাকীলোকৰ মৃতদেহ উদ্ধাৰ কৰা বুলি সদৰি কৰিছে ৷ অৱশ্যে বৰ্তমানেও অব্যাহত আছে উদ্ধাৰ অভিযান ৷ বিমানখনৰ মুঠ 72গৰাকী যাত্ৰীৰ ভিতৰত আছিল 53গৰাকী নেপালৰ ব্যক্তি, 5গৰাকী ভাৰতীয় ব্যক্তি, এগৰাকী আয়াৰলেণ্ডৰ ব্যক্তি, দুগৰাকী কোৰিয়াৰ ব্যক্তি, এগৰাকী আৰ্জেন্টিনাৰ ব্যক্তি আৰু এগৰাকী ফ্ৰান্সৰ ব্যক্তি ৷