আগৰতলা, 21 মে': ৰাজনৈতিক আক্ৰমণৰ বিৰুদ্ধে এক কঠোৰ স্থিতি গ্ৰহণ কৰি বৃহস্পতিবাৰে টিপ্ৰা মোথাৰ প্ৰধান প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে নিজ দলৰ একাংশ কৰ্মীক নিলম্বন কৰাৰ সিদ্ধান্ত লয় ৷ আইপিএফটিৰ সভাপতি তথা বিজেপি-আইপিএফটি কেবিনেটৰ জ্যেষ্ঠ নেতা এন চি দেৱবৰ্মাৰ আক্ৰমণত জড়িত থকাৰ অভিযোগত প্ৰদ্যুত কিশোৰ দেৱবৰ্মনে দলীয় কৰ্মী সকলক নিলম্বনৰ সিদ্ধান্ত লয় ৷
এনে আক্ৰমণৰ ঘটনাক আমদানি কৰা সংস্কৃতি আখ্যা দি দেৱবৰ্মনে কয় যে, "আমি আমদানিকৃত ৰাজনৈতিক গুণ্ডামিৰ সংস্কৃতিৰ পৰিহাৰ কৰিব লাগিব ৷ এইয়া আমাৰ সংস্কৃতি নহয় ৷ আমদানি কৰা এই সংস্কৃতি এতিয়া আমাৰ ৰাজনৈতিক ব্যৱস্থাৰ এক অংশ হৈ পৰিছে ৷ মই এনে সংস্কৃতিৰ পক্ষত নাই ৷ যিসকলে দলৰ শৃংখলা ভংগ কৰিব তেনেলোকৰ দলত প্ৰয়োজন নাই ৷ ঘটনাৰ সৈতে জড়িত দলীয় কৰ্মী সকলক নিলম্বনৰ বাবে বিভাগীয় নিৰ্দেশ ইতিমধ্যে মুকলি কৰা হৈছে ৷" সামাজিক মাধ্যমযোগে দেৱবৰ্মনে এই কথা সদৰী কৰে ৷