নেশ্যনেল ডেস্ক,২৫ মে':ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)ৰ মতে বছৰটোৰ প্ৰথমটো পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ ২৬ মে'ত দেখা যাব । বিগত বছৰৰ ২১ জানুৱাৰীৰ পিছত এইটো হ'ব প্ৰথম পূৰ্ণগ্ৰাস চন্দ্ৰগ্ৰহণ আৰু ই এক চুপাৰমুন হ'ব । দক্ষিণ আমেৰিকা, উত্তৰ আমেৰিকা, এছিয়া, অষ্ট্ৰেলিয়া, এণ্টাৰ্কটিকা, প্ৰশান্ত মহাসাগৰ আৰু ভাৰত মহাসাগৰৰ অঞ্চলসমূহত দৃশ্যমান হ'ব এই চন্দ্ৰগ্ৰহণ ।
অৱশ্যে ভাৰতৰ কিছু কিছু অংশতহে প্ৰত্যক্ষ কৰিব পৰা যাব এই চন্দ্ৰগ্ৰহণ । ছিকিমৰ বাহিৰে উত্তৰ-পূৰ্বাঞ্চল, পশ্চিমবংগৰ কিছু অংশ, উৰিষ্যাৰ কিছু উপকূলীয় অংশ আৰু আন্দামান-নিকোবৰ দ্বীপপুঞ্জৰ পৰা কিছু সময়ৰ বাবে দৃশ্যমান হ'ব আংশিক চন্দ্ৰগ্ৰহণ ।