নেশ্যনেল ডেস্ক, ৬ জুলাই: চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০২১(Cinematograph Bill 2021) সন্দৰ্ভত মঙলবাৰে কেন্দ্ৰীয় ছবি প্ৰমাণপত্ৰ পৰিষদৰ কাৰ্য-কলাপ পৰ্যালোচনা কৰিব তথ্য প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিয়ে । যোৱা ১৮ এই সন্দৰ্ভত এক সংবাদ বিজ্ঞপ্তি প্ৰকাশ কৰিছিল তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে(Ministry of Information and Broadcasting) । ছবিৰ পাইৰেচী(film piracy)ৰ সমস্যাৰে মোকাবিলা কৰিবলৈ চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়কৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল ।
২০১৯ চনৰ ৬ ফেব্ৰুৱাৰীত কেবিনেটে অনুমোদন জনোৱাৰ পাছত উক্ত বৰ্ষৰে ১২ ফেব্ৰুৱাৰী ৰাজ্যসভাত চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০১৯(Cinematograph Bill 2019) উত্থাপন কৰা হৈছিল । এই বিধেয়কত 6AA আৰু ৭ নং ধাৰাত এটা নতুন উপ-ধাৰা(1A) অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল । তথ্য-প্ৰযুক্তি সম্পৰ্কীয় স্থায়ী সমিতি(2019-20)য়ে ২০২০ চনৰ ১৬ মাৰ্চত ৰাজ্যসভা আৰু লোকসভাত চিনেমেট'গ্ৰাফ (সংশোধনী) বিধেয়ক ২০১৯ সন্দৰ্ভত নৱম প্ৰতিবেদন উপস্থাপন কৰে ।
এই প্ৰতিবেদনত সংসদীয় স্থায়ী সমিতিয়ে কৰা পৰ্যবেক্ষণ আৰু পৰামৰ্শবোৰ সন্নিৱিষ্ট কৰা হৈছিল ৷