নেশ্যনেল ডেস্ক, ১৮ জুন :টুইটাৰকলৈ ভাৰতত বিতৰ্ক অব্যাহত আছে । বিভিন্ন সময়ত টুইটাৰ(twitter) আৰু আন আন সামাজিক মাধ্যমত ভাইৰেল হোৱা কিছুমান বিষয়ে সমাজত বিভেদকামী শক্তিৰ সৃষ্টি কৰে লগতে হত্যাৰ দৰে বহুতো ভয়ংকৰ ঘটনা সংঘটিত হোৱাৰ উদাহৰণ আছে । তেনে ক্ষেত্ৰত সামাজিক মাধ্যমৰ সংশ্লিষ্ট কৰ্তৃপক্ষই এই বিষয়সমূহ গুৰুত্ব নিদিয়াৰ বাবে এনে ঘটনা ভাৰতত যথেষ্ট পৰিমাণে সংঘটিত হোৱা দেখা গৈছে ।
শেহতীয়াকৈ এনে কাৰ্য ৰোধ কৰাৰ উদ্দেশ্যে সামাজিক মাধ্যমক কিছুমান বিষয় পৰীক্ষণ কৰাৰ বাবে প্ৰশাসন তথা চৰকাৰৰ পৰা সংশ্লিষ্ট কৰ্তৃপক্ষক অৱগত কৰা হৈছে । আনকি ভাৰত চৰকাৰে নিৰ্দিষ্ট নীতি-নিৰ্দেশনাও জাৰি কৰিছে । কিন্তু বহু ক্ষেত্ৰত এই নীতি-নিৰ্দেশনাসমূহ পালন কৰাত ব্যৰ্থ হৈছে সংশ্লিষ্ট কৰ্তৃপক্ষ ।
টুইটাৰ কৰ্তৃপক্ষইও ভাৰতীয় নীতি-নিৰ্দেশনা পালনত ব্যৰ্থ হোৱাৰ পিছতে বিভিন্ন ধৰণৰ সমালোচনাৰ সন্মুখীন হৈ আহিছে । চৰকাৰৰ তৰফৰ পৰা কেইবাবাৰো জাননী প্ৰেৰণ কৰা হৈছে টুইটাৰ ইণ্ডিয়ালৈ । আনকি অন্তিম সকীয়নিও প্ৰদান কৰিছে ভাৰত চৰকাৰে । এইবাৰ কঠোৰ প্ৰশ্নৰ সন্মুখীন টুইটাৰ ইণ্ডিয়াৰ প্ৰতিনিধি । শুকুৰবাৰে তথ্য আৰু প্ৰযুক্তি সম্পৰ্কীয় সংসদীয় স্থায়ী সমিতিৰ এখন বৈঠকত টুইটাৰ ইণ্ডিয়াৰ প্ৰতিনিধিসকলে কঠিন প্ৰশ্নৰ সন্মুখীন হ'বলগীয়া হয় ।