নিউজ ডেস্ক, ১৮ ডিচেম্বৰ: সংসদৰ নিৰাপত্তা ভংগ সন্দৰ্ভত আলোচনাৰ বাবে আজি অৰ্থাৎ সোমবাৰে বিৰোধী দলৰ সাংসদসকলে লোকসভা আৰু ৰাজ্যসভাত হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷ বিৰোধী সাংসদৰ প্ৰতিবাদ ৰাজ্যসভা স্থগিত ৰখা হয় ৷ একেটা বিষয়ক লৈ লোকসভাও দুপৰীয়া ১২ পৰ্যন্ত স্তব্ধ হৈ পৰে ।
উল্লেখ্য যে, বিৰোধী সাংসদসকলে সদনৰ কাম-কাজ আৰম্ভ হোৱাৰ পূৰ্বেই সংসদত বিভিন্ন বিষয়ত আলোচনা সন্দৰ্ভত জাননী দিয়ে । লোকসভাৰ দৰ্শনাৰ্থীৰ গেলেৰীৰ পৰা দুজন ব্যক্তিয়ে গেছ কেনিষ্টাৰ লৈ সদনৰ ভিতৰত জপিয়াই আতংকৰ সৃষ্টি কৰা সন্দৰ্ভত বিৰোধী সাংসদসকলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা বিবৃতিৰ দাবী জনায় ।
গৃহমন্ত্ৰী অমিত শ্বাহৰ পৰা এই সন্দৰ্ভত বক্তব্যৰ দাবী কৰি উভয় সদনত হুলস্থুলৰ সৃষ্টি কৰাৰ বাবে ইতিমধ্যে লোকসভাৰ ১৩ জন আৰু ৰাজ্যসভাৰ ১ জন সাংসদকে ধৰি মুঠ ১৪ জন বিৰোধী সাংসদ ইতিমধ্যে শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বিত হৈ আছে । লোকসভাৰ পৰা নিলম্বিত ১৩জন সাংসদৰ ভিতৰত ৯জন কংগ্ৰেছৰ, ২জন চিপিএমৰ, এজন চিপিআইৰ আৰু এজন ডিএমকেৰ ।