অসম

assam

ETV Bharat / bharat

আজি ৰাজ্যসভাত অপৰাধ আইন সম্পৰ্কীয় ৩ বিধেয়কৰ ওপৰত হ'ব আলোচনা

Parliament Winter Session: ব্ৰিটিছ যুগৰ অপৰাধ আইনৰ সলনি ৩ খন বিধেয়ক বৃহস্পতিবাৰে ৰাজ্যসভাত আলোচনা আৰু গৃহীত কৰাৰ সম্ভাৱনা আছে । গৃহমন্ত্ৰীৰ মতে এই বিধেয়ক গৃহীত হোৱাটো দ্ৰুত ন্যায় প্ৰদানৰ দিশত গুৰুত্বপূৰ্ণ পদক্ষেপ হ'ব । বিৰোধী সদস্যৰ নিলম্বনক লৈ গুৰুত্বপূৰ্ণ আলোচনা মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ ।

By ANI

Published : Dec 21, 2023, 10:32 AM IST

Updated : Dec 21, 2023, 10:53 AM IST

Parliament Winter Session
আজি ৰাজ্যসভাত অপৰাধ আইন সম্পৰ্কীয় ৩ বিধেয়কৰ ওপৰত হ'ব আলোচনা

নেশ্যনেল ডেস্ক,২১ ডিচেম্বৰ : সংসদৰ শীতকালীন অধিবেশনৰ আজি গুৰুত্বপূৰ্ণ দিন । তীব্ৰ হুলস্থূলৰ মাজতে আজি অপৰাধ আইনৰ সলনি ৩ খন বিধেয়ক আলোচনা হোৱাৰ সম্ভাৱনা আছে । বুধবাৰে উচ্চ সদনে গৃহীত কৰা ঔপনিৱেশিক যুগৰ অপৰাধ আইনৰ সলনি বিধেয়ক কেইখন বৃহস্পতিবাৰে আলোচনা আৰু গৃহীত হোৱাৰ বাবে ৰাজ্যসভাত উত্থাপন কৰা হ'ব । খচৰা আইনসমূহ ধ্বনি ভোটৰ দ্বাৰা গৃহীত হয় ।

ইফালে কেৰালা কংগ্ৰেছৰ (মণি) থমাছ চাজিকাদান আৰু চিপিআই(এম)ৰ এ এম আৰিফক বুধবাৰে লোকসভাৰ পৰা নিলম্বিত কৰা হয় । ফলত বহিষ্কৃত সদস্যৰ সংখ্যা ১৪৩ জনলৈ বৃদ্ধি হয় । নিলম্বিত সদস্যসকলৰ ভিতৰত, ৯৭ গৰাকী নিম্ন সদনৰ আৰু ৪৬ গৰাকী উচ্চ সদনৰ ।

বুধবাৰে ব্ৰিটিছ যুগৰ অপৰাধ আইনৰ সলনি ৩ খন বিধেয়ক পুনৰ উত্থাপন কৰাৰ পাছত কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে কয় যে খচৰা আইন - ভাৰতীয় ন্যায় (দ্বিতীয়) সংহিতা বিধেয়ক, ভাৰতীয় নাগৰিক সুৰক্ষা (দ্বিতীয়) সংহিতা বিধেয়ক আৰু ভাৰতীয় সাক্ষ্য (দ্বিতীয়) বিধেয়ক - সংবিধানৰ আত্মাৰ সৈতে সামঞ্জস্যপূৰ্ণ । বুধবাৰে বিধেয়ক সন্দৰ্ভত হোৱা বিতৰ্কৰ উত্তৰ দি গৃহ মন্ত্ৰী শ্বাহে কয় যে বিধেয়ক কেইখন গৃহীত হোৱাটো দ্ৰুত ন্যায় প্ৰদানৰ দিশত এক ডাঙৰ পদক্ষেপ হ'ব ।

তেওঁ এই বিধেয়ক সন্দৰ্ভত কয় যে এই আইনৰ জৰিয়তে এতিয়া অভিযুক্তই নিৰ্দোষী সাব্যস্ত কৰাৰ বাবে আবেদন দাখিল কৰিবলৈ ৭ দিন সময় পাব । বিচাৰকজনে সেই ৭ দিনৰ ভিতৰত শুনানি অনুষ্ঠিত কৰিব লাগিব আৰু সৰ্বাধিক ১২০ দিনৰ ভিতৰত গোচৰটো বিচাৰলৈ আহিব । যদি কোনোৱে অপৰাধৰ ৩০ দিনৰ ভিতৰত তেওঁলোকৰ অপৰাধ স্বীকাৰ কৰে তেন্তে শাস্তি কম হ'ব । পৰীক্ষণৰ সময়ত নথিপত্ৰ উপস্থাপন কৰাৰ কোনো ব্যৱস্থা নাছিল । ৩০ দিনৰ ভিতৰত সকলো নথি পত্ৰ প্ৰস্তুত কৰাটো বাধ্যতামূলক কৰা হৈছে । এই ক্ষেত্ৰত কোনো পলম কৰা নহ'ব বুলিও তেওঁ উল্লেখ কৰে ।

অমিত শ্বাহে কয় যে এই তিনিখন বিধেয়কে ১৮৬০ চনৰ ব্ৰিটিছ যুগৰ ভাৰতীয় দণ্ডবিধি (আইপিচি), ১৯৭৩ চনৰ ফৌজদাৰী প্ৰক্ৰিয়া বিধি (চিআৰপিচি) আৰু ১৮৭২ চনৰ ভাৰতীয় প্ৰমাণ আইনৰ স্থান ল'ব । আগষ্টত বৰ্ষাকালীন অধিবেশনৰ সময়ত নিম্ন সদনত উত্থাপন কৰাৰ পাছত যোৱা সপ্তাহত লোকসভাত পুনৰ এই বিধেয়ক উত্থাপন কৰা হৈছিল ।

ইফালে, বিৰোধী দলৰ 'ইণ্ডিয়া' ব্লকৰ নেতাসকলে পুৱা ১০.১৫ বজাত ৰাজ্যসভাৰ চেম্বাৰৰ ভিতৰত ৰাজ্যসভাৰ নেতা মল্লিকাৰ্জুন খাৰ্গেৰ সৈতে বৈঠকত মিলিত হয় । সহকৰ্মীসকলক নিলম্বন কৰাৰ বিৰুদ্ধে তেওঁলোকৰ প্ৰতিবাদৰ ৰণনীতি প্ৰস্তুত কৰিবলৈ তেওঁলোক একত্ৰিত হয় । সূত্ৰৰ মতে নিলম্বিত সাংসদসকলেও পুৱা ১১ বজাত তেওঁলোকৰ নিলম্বনৰ বিৰুদ্ধে সংসদৰ পৰা বিজয় চকলৈ এক পদযাত্ৰা উলিয়াব । তদুপৰি, কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে দূৰসংযোগ সেৱা আৰু দূৰসংযোগ নেটৱৰ্কৰ বিকাশ, সম্প্ৰসাৰণ আৰু পৰিচালনা সম্পৰ্কীয় আইনৰ সংশোধন আৰু একত্ৰিত কৰাৰ বাবে আলোচনা আৰু গৃহীত কৰাৰ বাবে আজি ৰাজ্যসভাত দূৰসংযোগ বিধেয়ক, ২০২৩ উত্থান কৰিব ।

লগতে পঢ়ক :১৪৩ গৰাকী সাংসদৰ নিলম্বনৰ মাজতে লোকসভাত তিনিখন গুৰুত্বপূৰ্ণ অপৰাধ আইন বিধেয়ক গৃহীত

Last Updated : Dec 21, 2023, 10:53 AM IST

ABOUT THE AUTHOR

...view details