নেশ্যনেল ডেস্ক,14 জানুৱাৰী: অহা 29 জানুৱাৰীৰ পৰা আৰম্ভ হ’ব সংসদৰ বিত্তীয় অধিৱেশন ৷ এই অধিৱেশনখন দুটা পৰ্যায়ত অনুষ্ঠিত হ’ব ৷ 29 জানুৱাৰীৰ পৰা 15 ফেব্ৰুৱাৰীলৈ প্ৰথম পৰ্যায়ৰ অধিৱেশন অনুষ্ঠিত হোৱাৰ বিপৰীতে 8 মাৰ্চৰ পৰা 8 এপ্ৰিল পৰ্যন্ত অনষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ অধিৱেশন ৷ আনহাতে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে 1 ফেব্ৰুৱাৰীৰ দিনৰ 11 বজাত সংসদৰ মজিয়াত উত্থাপন কৰিব কেন্দ্ৰীয় বাজেট ৷
উল্লেখ্য যে, 17 তম লোকসভাৰ পঞ্চম অধিৱেশনত 35 খন বৈঠক অনুষ্ঠিত হ’ব ৷ ইয়াৰে 11 খন প্ৰথম পৰ্যায়ত আৰু 14 খন দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হ’ব ৷