অসম

assam

ETV Bharat / bharat

UNPARLIAMENTARY WORDS : অসংসদীয় শব্দৰ তালিকাত ‘অযোগ্য’, ‘দুর্নীতিগ্রস্ত’, ‘স্বৈৰাচাৰী’, ‘শকুনি’ৰ দৰে শব্দৰ স্থান ! - লোকসভা সচিবালয়

এইবাৰ সাংসদসকলৰ মুখত লেকাম লগাব নৰেন্দ্র মোদী চৰকাৰে । তাৰ বাবে সক্ৰিয় হৈছে কেন্দ্ৰীয় চৰকাৰ । লোকসভা আৰু ৰাজ্যসভা অধিবেশন চলি থকা সময়ত বহু শব্দ প্রয়োগৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে লোকসভা সচিবালয়ে (Unparliamentary words booklet released by Lok Sabha Secretariat) ।

a
a

By

Published : Jul 14, 2022, 1:56 PM IST

নিউজ ডেস্ক, ১৪ জুলাই : এইবাৰ সাংসদসকলৰ মুখত লেকাম লগাব নৰেন্দ্র মোদী চৰকাৰে । তাৰ বাবে সক্ৰিয় হৈছে কেন্দ্ৰীয় চৰকাৰ । লোকসভা আৰু ৰাজ্যসভা অধিবেশন চলি থকা সময়ত বহু শব্দ প্রয়োগৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে লোকসভা সচিবালয়ে (Unparliamentary words booklet released by Lok Sabha Secretariat) ।

বুধবাৰে প্রকাশিত ‘অসংসদীয় শব্দ’ৰ (unparliamentary words) তালিকাত আছে, ‘লজ্জাজনক’, ‘নির্যাতন’, ‘বিশ্বাসঘাতকতা’, ‘নাটক’, ‘দুর্নীতিগ্রস্ত’, ‘অযোগ্য’ ‘ভণ্ডামি’ৰ দৰে বহু শব্দ । সংসদৰ অধিবেশনত ‘নৈৰাজ্যবাদী’, ‘শকুনি’, ‘স্বৈৰাচাৰী’, ‘খালিস্তানি’, ‘বিনাশ পুৰুষ’, ‘জয়চান্দ’ (পৃথ্বীৰাজ চৌহানৰ বিৰুদ্ধে মহম্মদ ঘোৰীক সহায় কৰা কনৌজৰ ৰজা), ‘তানাশাহি’ৰ দৰে শব্দৰ প্রয়োগতো নিষিদ্ধ কৰা হৈছে । লোকসভা সচিবালয়ে প্ৰকাশ কৰা পুস্তিকাখনৰ মতে 'দুমুখীয়া চৰিত্ৰ', 'নিকম্মা', 'নৌটঙ্কি', 'ফটা ঢোল বজোৱা' আৰু 'কলা চৰকাৰ'ৰ দৰে শব্দ তথা বাক্যাংশবোৰ ক'লে অসংসদীয় হিচাপে গণ্য কৰা হ'ব ।

উল্লেখ্য, অহা ১৮ জুলাইৰ পৰা সংসদৰ বৰ্ষাকালীন অধিবেশন আৰম্ভ হ'ব (Monsoon session of Parliament from July 18) । তাৰ পূৰ্বে সাংসদসকলৰ বাবে প্রকাশিত পুস্তিকাত নিষিব্ধ কৰা হৈছে, ‘জুমলাবাজি’, ‘কোভিড স্প্রেডাৰ’, ‘খুন সে খেতি’ (ৰক্তৰে কৃষি), ‘স্নুপগেট’ৰ দৰে কিছু বাক্যাংশৰ ব্যৱহাৰ বন্ধ কৰিবলৈও নির্দেশ দিয়া হৈছে । তাৎপর্যপূর্ণ কথাটো হৈছে ইয়াৰে মাজৰ একাধিক শব্দ আৰু বাক্যাংশ পূৰ্বতে প্রধানমন্ত্রীৰ বিৰুদ্ধে বিৰোধীয়ে প্রয়োগ কৰি আহিছে ।

সচিবালয়ে অসংসদীয় হিচাপে তালিকাভুক্ত কৰা কিছুমান ইংৰাজী শব্দৰ ভিতৰত আছে 'ৰক্তপাত', 'ৰক্তক্ষয়ী', 'বিশ্বাসঘাতকতা', 'লজ্জিত', 'উৎপীড়ন', 'প্ৰতাৰিত,' 'চামচা', 'চামচাগিৰি', 'চেলা', 'শিশুসুলভতা', 'দুৰ্নীতিগ্ৰস্ত', 'কাপুৰুষ', 'অপৰাধী' আৰু 'ঘঁৰিয়ালৰ চকুপানী', 'লাঞ্ছনা', 'গাধ', 'নাটক', 'গুণ্ডামি', 'ভণ্ডামি', 'অক্ষম', 'বিপথে পৰিচালিত', 'মিছা' আৰু 'অসত্য'ৰ দৰে শব্দৰ সংসদত ব্যৱহাৰৰ বাবে নিষিদ্ধ কৰা হ'ব । অসংসদীয় হিচাপে তালিকাভুক্ত আন কিছুমান শব্দৰ ভিতৰত আছে 'নৈৰাজ্যবাদী', 'গাদ্দাৰ', 'তেজপিয়া', 'গুণ্ডা', 'অপমান', 'অসত্য', 'অহঙ্কাৰ', 'দুৰ্নীতিগ্ৰস্ত', 'ক'লা দিন', 'ক'লা বজাৰ' আদি।

উল্লেখ্য, দেশৰ লগতে যৌথ সংসদৰ বিভিন্ন আইনী সংস্থাত অধ্যক্ষই সময়ে সময়ে কিছুমান শব্দ আৰু অভিব্যক্তি অসংসদীয় ঘোষণা কৰে (Some words and expressions declared unparliamentary) আৰু ভৱিষ্যত প্ৰসংগৰ বাবে প্ৰস্তুত কৰি লোকসভা সচিবালয়ৰ দ্বাৰা সংকলিত কৰা হয় । অৱশ্যে ৰাজ্যসভাৰ অধ্যক্ষ (Rajya Sabha Chairman) আৰু লোকসভাৰ অধ্যক্ষই (Lok Sabha Speaker) শব্দ আৰু অভিব্যক্তি আঁতৰ কৰাৰ ক্ষেত্ৰত অন্তিম ঘোষণা আগবঢ়াব । সংকলনখনত ২০২১ চনত ভাৰতৰ লোকসভা (Lok Sabha), ৰাজ্যসভা (Rajya Sabha) আৰু ৰাজ্যিক আইনসভাত (state legislatures) অসংসদীয় ঘোষণা কৰা শব্দ আৰু অভিব্যক্তিৰ প্ৰসংগ আছে । ইয়াৰ উপৰি ২০২০ চনত কিছুমান শব্দ যৌথ সংসদত অস্বীকাৰ কৰা হৈছিল ।

লগতে পঢ়ক :Gandhi Statue Defaced In Canada: দুৰ্বৃত্তই ভাঙিলে জাতিৰ পিতাৰ প্ৰতিমূৰ্তি

ABOUT THE AUTHOR

...view details