নেশ্যনেল ডেস্ক, ১৬ মাৰ্চ: ৰাজ্যসভাত মঙলবাৰে গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি(সংশোধনী) বিধেয়ক, ২০২০ গৃহীত হয় । লগতে কেতবোৰ বিশেষ কাৰণত গৰ্ভপাতৰ অনুমতিৰ সময়সীমা ২৪ সপ্তাহলৈ বৃদ্ধি কৰা হয় । ধৰ্ষণৰ বলি হোৱা মহিলা, কিশোৰী আৰু বিশেষভাৱে সক্ষম মহিলাকে ধৰি "বিশেষ শ্ৰেণীৰ মহিলা"ৰ ক্ষেত্ৰত এই বিধেয়কৰ জৰিয়তে গৰ্ভপাতৰ অনুমতিৰ সময়সীমা ২০ৰ পৰা ২৪ সপ্তাহলৈ বৃদ্ধি কৰা হৈছে ।
গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি (সংশোধনী) বিধেয়ক গৃহীত - গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি
মঙলবাৰে সংসদত গৃহীত হ'ল গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি (সংশোধনী) বিধেয়ক, ২০২০ । এই বিধেয়কে কেতবোৰ বিশেষ কাৰণত গৰ্ভপাতৰ অনুমতিৰ সময়সীমা ২৪ সপ্তাহলৈ বৃদ্ধি কৰে ।

গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি (সংশোধনী) বিধেয়ক গৃহীত
১৯৭১ চনতে প্ৰণয়ন কৰা আইনখন সংশোধনৰ বাবে গৰ্ভধাৰণৰ চিকিৎসা সমাপ্তি(সংশোধনী) বিধেয়ক, ২০২০ ভইচ ভোটৰ দ্বাৰা গৃহীত হয় । বিধেয়কখন প্ৰায় এবছৰ পূৰ্বে লোকসভাৰ দ্বাৰা গৃহীত কৰা হৈছিল ।
লগতে পঢ়ক:৩ বছৰত ৩৭ শতাংশ মুছলমানক হত্যা কৰা হৈছে: আশাদুদ্দিন ওৱেইছি