অসম

assam

ETV Bharat / bharat

Monsoon Session 2023: আজিৰে পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশন; মণিপুৰ হিংসা আৰু দিল্লী অধ্যাদেশৰ দৰে বিষয় হ’ব গুৰুত্বপূৰ্ণ - মণিপুৰৰ হিংসা

আজিৰে পৰা অৰ্থাৎ 20 জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ অধিৱেশনত বিৰোধী দলসমূহে মণিপুৰৰ পৰিস্থিতি, দিল্লী সেৱা অধ্যাদেশৰ দৰে বিভিন্ন বিষয়ত চৰকাৰক শ’লঠেকত পেলোৱাৰ প্ৰস্তুতি চলাইছে ৷

Etv Bharat
Etv Bharat

By

Published : Jul 20, 2023, 9:16 AM IST

Updated : Jul 20, 2023, 9:25 AM IST

নিউজ ডেস্ক, 20 জুলাই: আজিৰে পৰা অৰ্থাৎ 20 জুলাইৰ পৰা আৰম্ভ হৈছে সংসদৰ বৰ্ষাকালীন অধিৱেশন ৷ এই অধিৱেশনত বিৰোধী দলসমূহে মণিপুৰৰ পৰিস্থিতি, দিল্লী সেৱা অধ্যাদেশৰ দৰে বিভিন্ন বিষয়ত চৰকাৰক শ’লঠেকত পেলোৱাৰ প্ৰস্তুতি চলাইছে ৷ 2024 চনৰ লোকসভা নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটক প্ৰত্যাহ্বান জনাবলৈ 26 টা বিৰোধী দলে ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়নমূলক মিত্ৰজোঁট গঠন কৰাৰ সময়তে অনুষ্ঠিত হৈছে সংসদৰ বৰ্ষাকালীন অধিবেশন 2023ৰ ৷

বিৰোধী দলসমূহে মণিপুৰৰ হিংসাৰ বিষয়টো উত্থাপন কৰি আহিছে ৷ উত্তৰ-পূবৰ ৰাজ্য মণিপুৰত 3 মে’ৰ পৰা আৰম্ভ হোৱা হিংসাত এতিয়ালৈকে 160 জন লোকৰ মৃত্যু হৈছে ৷ সংসদৰ এই অধিৱেশনত দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড চৰকাৰ সংশোধনী অধ্যাদেশ আৰু ইয়াৰ সৈতে জড়িত বিধেয়কখনৰ বিষয়টো নিশ্চিতভাৱে আহিব আৰু চৰকাৰ আৰু বিৰোধীৰ মাজত এই সন্দৰ্ভত মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে ৷ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ নেতৃত্বত আম আদমী পাৰ্টিয়ে দিল্লীত আমোলা নিযুক্তি আৰু বদলি সম্পৰ্কীয় এই অধ্যাদেশৰ বিৰোধিতা কৰিছে, যিখন অধ্যাদেশ কেন্দ্ৰীয় চৰকাৰে মে’ মাহত জাৰি কৰিছিল ৷

বৰ্ষাকালীন অধিৱেশন 2023ৰ পূৰ্বে চৰকাৰে আহ্বান কৰা সৰ্বদলীয় বৈঠকত অংশ গ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি আপ নেতা সঞ্জয় সিঙে কয় যে,"সংবিধান সংশোধনৰ বিষয়টো অধ্যাদেশৰ জৰিয়তে কেনেকৈ গৃহীত কৰিব পাৰি? আমি দিল্লীৰ দুই কোটি জনসাধাৰণৰ অধিকাৰ কাঢ়ি নিয়া আৰু কেজৰিৱাল চৰকাৰক কাম কৰিবলৈ নিদিয়াৰ তীব্ৰ বিৰোধিতা কৰিম ৷" তেওঁ কয় যে, তেওঁৰ দলে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে এই অধ্যাদেশ অনাৰ বিৰোধিতা কৰিব ৷ সিঙে কয় যে, ফেডাৰেল গাঁথনিক চূৰ্ণ-বিচূৰ্ণ কৰিবলৈ এনে অধ্যাদেশ অনাটো লজ্জাজনক ৷

কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী আৰু ডিন কুৰিঅ’কোছে, ডি এম কেৰ এ ৰাজা, তৃণমূল কংগ্ৰেছৰ সৌগত ৰায়, আৰ এছ পিৰ এন কে প্ৰেমচন্দ্ৰনে লোকসভাত ৰাষ্ট্ৰীয় ৰাজধানী ভূখণ্ড চৰকাৰ সংশোধনী অধ্যাদেশ 2023 বাতিল কৰাৰ বাবে পত্ৰ প্ৰদান কৰিছে ৷ সৰ্বদলীয় বৈঠকত কংগ্ৰেছকে ধৰি বিভিন্ন বিৰোধী দলেও মণিপুৰৰ পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰি চৰকাৰৰ সৈতে আলোচনাৰ দাবী জনায় ৷ লোকসভাত কংগ্ৰেছৰ নেতা অধীৰ ৰঞ্জন চৌধাৰীয়ে সাংবাদিকৰ আগত কয় যে, ‘সভাত আমি বৰ্ষাকালীন অধিৱেশনৰ সময়ত মণিপুৰৰ পৰিস্থিতিৰ ওপৰত আলোচনাৰ দাবী জনাইছিলো ৷ চৌধাৰীয়ে কয় যে, আমাৰ দাবী প্ৰধানমন্ত্ৰীয়ে সদনলৈ আহি মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে আলোচনা কৰক ৷

বৈঠকৰ অন্তত সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে সাংবাদিকৰ আগত কয়, ‘মণিপুৰৰ পৰিস্থিতি সন্দৰ্ভত সকলো পক্ষই আলোচনাৰ দাবী জনাইছিল ৷ মণিপুৰ সন্দৰ্ভত আলোচনা কৰিবলৈ সাজু হৈছে চৰকাৰ ৷ তেওঁ কয়, ‘যেতিয়াই লোকসভাৰ অধ্যক্ষ আৰু ৰাজ্যসভাৰ অধ্যক্ষই সময় নিৰ্ধাৰণ কৰে তেতিয়াই আমি আলোচনা কৰিবলৈ সাজু হৈ থাকোঁ ৷ বিষয় যিয়েই নহওক কিয়, আমি নিয়ম আৰু পদ্ধতিৰ অধীনত আলোচনা কৰিবলৈ সাজু ৷ চৌধাৰীয়ে কয়, ‘দুমাহ পাৰ হৈ গ’ল কিন্তু প্ৰধানমন্ত্ৰী মৌন ৷ মই তেওঁক আহ্বান জনাব বিচাৰিছো যে তেওঁ সংসদত এই সন্দৰ্ভত বক্তব্য ৰাখক আৰু আলোচনা কৰক ৷

সংসদীয় পৰিক্ৰমা মন্ত্ৰী যোশীয়ে কয় যে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত হয় য’ত 34টা দলৰ 44 গৰাকী নেতাই অংশগ্ৰহণ কৰে ৷ তেওঁ কয় যে বৈঠকত কিছুমান গুৰুত্বপূৰ্ণ পৰামৰ্শ আহিছিল ৷ এই পৰামৰ্শ বিৰোধী দলৰ লগতে মিত্ৰজোঁটৰ পৰাও আহিছিল ৷ যোশীয়ে কয় যে অধিৱেশনৰ সময়ত চৰকাৰৰ 31টা ‘বিধায়িনী বিষয়’ আছে ৷

ইয়াৰ ভিতৰত দিল্লী ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চল চৰকাৰী সংশোধনী বিধেয়ক 2023, ইয়াৰ উপৰিও ডাক সেৱা বিল 2023, ডিজিটেল ব্যক্তিগত তথ্য সুৰক্ষা বিল 2023, প্ৰাচীন কীৰ্তিচিহ্ন আৰু প্ৰত্নতাত্ত্বিক স্থান আৰু প্ৰয়োজনীয় সংশোধনী বিধেয়ক 2023, আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি আৰু বেংক বিল 2023 আদিও এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে ৷

ৰাষ্ট্ৰীয় দন্ত চিকিৎসা আয়োগ বিল 2023, ৰাষ্ট্ৰীয় নাৰ্চিং আৰু ধাত্ৰী আয়োগ বিল 2023, ড্ৰাগছ মেডিকেল ডিভাইচ প্ৰসাধন সামগ্ৰী বিল 2023, জন্ম আৰু মৃত্যু পঞ্জীয়ন সংশোধনী বিধেয়ক 2023, জম্মু আৰু কাশ্মীৰ সংৰক্ষণ সংশোধনী বিধেয়ক 2023, চিনেমাট’গ্ৰাফ সংশোধনী বিধেয়ক 2023, প্ৰেছ আৰু আলোচনী পঞ্জীয়ন বিধেয়ক 2023, অধিবক্তা সংশোধনী বিধেয়ক 2023, খনি আৰু খনিজ উন্নয়ন আৰু নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2023, ৰে’ল সংশোধনী বিধেয়ক 2023, ৰাষ্ট্ৰীয় গৱেষণা ভেটি বিধেয়ক 2023 আদিও উত্থাপনৰ বাবে তালিকাভুক্ত কৰা হৈছে ৷

অধিৱেশনৰ সময়ত জৈৱ বৈচিত্ৰ্য সংশোধনী বিধেয়ক 2022 আৰু বহু ৰাজ্যিক সমবায় সমিতি সংশোধনী বিধেয়ক 2022 আলোচনা আৰু গৃহীত কৰাৰ বাবে দাখিল কৰাৰ সম্ভাৱনা আছে ৷ ইফালে, বিৰোধী দলসমূহৰ নতুন মিত্ৰতা ভাৰতীয় ৰাষ্ট্ৰীয় উন্নয়ন অন্তৰ্ভুক্ত মিত্ৰজোঁটৰ নেতাসকলে প্ৰথমখন বৈঠকত মিলিত হৈ বৰ্ষাকালীন অধিবেশনত চৰকাৰক শলঠেকত পেলোৱাৰ কৌশল নিৰ্ণয় কৰিব ৷ সূত্ৰ অনুসৰি আজি পুৱা সংসদ ভৱনত অৱস্থিত চেম্বাৰত ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকাৰ্জুন খৰ্গেৰ সৈতে বিৰোধী মিত্ৰজোঁটৰ বৈঠক অনুষ্ঠিত হ’ব ৷

লগতে পঢ়ক :Kuki woman raped: বৰ্বৰতাৰ চৰম সীমা; মণিপুৰত কুকি মহিলাক দলবদ্ধ ধৰ্ষণ কৰি বিশাল সমদল

Last Updated : Jul 20, 2023, 9:25 AM IST

ABOUT THE AUTHOR

...view details