নেশ্যনেল ডেস্ক, 26 জুলাই :সোমবাৰৰ পৰা পুনৰ আৰম্ভ হ’ব সদনৰ বৰ্ষাকালীন অধিৱেশনৰ (Monsoon Session) দ্বিতীয় সপ্তাহৰ কামকাজ ৷ 19 জুলাইৰ পৰা আৰম্ভ হোৱা সদনৰ বৰ্ষাকালীন অধিৱেশনখন বৰ্তমানলৈকে যথেষ্ট উত্তাল হৈ আছিল ৷
যোৱা সপ্তাহত পেগাচাছৰ (Pegasus) পৰা আৰম্ভ কৰি কৃষক আন্দোলনৰ লগতে অন্যান্য বিষসমূহ লৈ বিৰোধী দলে দুয়োখন সদনতে যথেষ্ট হুলস্থুলীয়া পৰিবেশৰ সৃষ্টি কৰে ৷ ইয়াৰ বাবে সদন স্থগিত ৰখাৰ সিদ্ধান্ত লয় অধ্যক্ষই ৷
বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহতো সদন পুনৰ উত্তাল হোৱাৰ আশংকা কৰা হৈছে ৷ বিৰোধীয়ে পেগাচাছকে ধৰি অন্য বিষয়ৰ ওপৰত চৰকাৰক আক্ৰমণৰ লক্ষ্য কৰি ল’বলৈ প্ৰস্তুত হৈ আছে ৷