নিউজ ডেস্ক, ২৮ জুলাই: নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে চলি থকা ‘অনাস্থা প্ৰস্তাৱ’ৰ মাজতে শুকুৰবাৰে পুৱা ১১ বজাত পুনৰ আৰম্ভ হয় লোকসভাৰ বৰ্ষাকালীন অধিৱেশন ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদত বক্তব্য দিবলৈ অস্বীকাৰ কৰাক লৈ বিৰোধীয়ে আজিও সদন উত্তাল কৰাৰ পূৰ্ণ সম্ভাৱনা আছে ৷ ব্যতিক্ৰম নহ’ব ৰাজ্যসভাৰো দৃশ্যপট ৷
কংগ্ৰেছ নেতা মণিকম ঠাকুৰে কয়, "আমি বিচাৰিছিলো যে প্ৰধানমন্ত্ৰী মণিপুৰ ভ্ৰমণ কৰক ৷ যিটো তেওঁ কৰা নাই ৷ I.N.D.I.A ব্লকে বৈঠকত সাংসদৰ এটা প্ৰতিনিধি দলে মণিপুৰ ভ্ৰমণ কৰাৰ সিদ্ধান্ত লৈছে ।" তেওঁ লগতে কয় যে, "কাইলৈ সাংসদৰ প্ৰতিনিধি দলটো ৰাওনা হ’ব । আজি সন্ধিয়া মণিপুৰ ভ্ৰমণ কৰিবলগীয়া সাংসদ তথা নেতাসকলৰ নাম প্ৰকাশ কৰা হ'ব ৷ এই প্ৰতিনিধি দলৰ মূল উদ্দেশ্য হৈছে মণিপুৰৰ জনতাৰ দুখ-দুৰ্দশা তথা তেওঁলোকৰ যন্ত্ৰণা বুজ লোৱা ।"