অসম

assam

ETV Bharat / bharat

Monsoon Session 2023: সোমবাৰে সদনত উত্থাপন হোৱাৰ সম্ভাৱনা দিল্লী সেৱা বিধেয়ক - গৃহমন্ত্ৰী অমিত শ্বাহ

সোমবাৰে পুনৰ আৰম্ভ হ'ব সংসদৰ বৰ্ষাকালীন অধিৱেশন-2023 ৷ আজি ৰাজ্যসভাত অধিবক্তা (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰা হ'ব ৷ লগতে গৃহমন্ত্ৰী অমিত শ্বাহে আজি লোকসভাত দিল্লী সেৱা বিধেয়ক দাখিল কৰিব বুলিও চৰ্চা চলিছে ৷

Parliament Monsoon Session 2023
সংসদৰ বৰ্ষাকালীন অধিৱেশন-2023

By

Published : Jul 31, 2023, 9:30 AM IST

নিউজ ডেস্ক, 31 জুলাই : দুদিনীয়া বিৰতিৰ পিছত সোমবাৰে সংসদৰ বৰ্ষাকালীন অধিৱেশন-2023 পুনৰ আৰম্ভ হ'ব ৷ এইবাৰৰ অধিৱেশনত বিভিন্ন বিষয়, বিশেষকৈ মণিপুৰৰ বিষয়ক লৈ হুলস্থূলীয়া পৰিৱেশৱৰ সৃষ্টি হৈ আছে ৷ সোমবাৰেও মণিপুৰ সমস্যাক লৈ দুয়োখন সদনতে হুলস্থূল হোৱাৰ সম্ভাৱনা আছে ৷ কিয়নো বিৰোধী মিত্ৰজোঁট (ভাৰত)ৰ সৈতে জড়িত ১৬ টা দলৰ ২১ জন সাংসদ মণিপুৰ ভ্ৰমণৰ পৰা উভতি আহিছে ৷ তেওঁলোকো আজি মণিপুৰৰ সমস্যাবোৰৰ বিষয়ে সদনক অৱগত কৰিব ৷ একে সময়তে আজি ৰাজ্যসভাত অধিবক্তা (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰা হ'ব ৷

কেন্দ্ৰীয় আইন মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে সোমবাৰে ৰাজ্যসভাত অধিবক্তা আইন, ১৯৬১ সংশোধনৰ বাবে অধিবক্তা (সংশোধনী) বিধেয়ক, ২০২৩ উত্থাপন কৰিব ৷ ইয়াৰ সমান্তৰালকৈ গৃহমন্ত্ৰী অমিত শ্বাহে আজি লোকসভাত দিল্লী সেৱা বিধেয়ক দাখিল কৰিব বুলিও চৰ্চা চলিছে ৷ এই বিধেয়কখনৰ নাম সলনি কৰা হৈছে ৷ ইয়াৰ নাম সলনি কৰি দিল্লী সংশোধনী বিধেয়ক ২০২৩ কৰা হৈছে ৷ এই বিধেয়কখন লোকসভাত আলোচনাৰ বাবে প্ৰচাৰ কৰা হৈছে ৷

আনহাতে, আম আদমী পাৰ্টিয়ে এই বিধেয়কৰ ইয়াৰ বিৰোধিতা কৰিছে ৷ কংগ্ৰেছ দলেও এই বিষয়ত আপক সমৰ্থন কৰাৰ আশ্বাস দিছে ৷ এই বিষয়ত আপ আৰু কংগ্ৰেছৰ মাজত অচলাৱস্থাৰ সৃষ্টি হৈছিল যদিও পিছত কংগ্ৰেছৰ হৈ সংসদত এই বিধেয়কখনৰ বিৰোধিতা কৰা হ’ব বুলি কোৱা হয় ৷ এনে পৰিস্থিতিত আজি এই বিধেয়ক উত্থাপনক লৈ হুলস্থুলৰ সম্ভাৱনা আছে ৷ একে সময়তে মণিপুৰ সমস্যা সন্দৰ্ভত সদনত প্ৰথম দিনাৰ পৰাই শাসকীয় দল আৰু বিৰোধীৰ মাজত অচলাৱস্থা অব্যাহত আছে ৷

উল্লেখ্য যে, চৰকাৰে লোকসভাত বিবেচনা আৰু গৃহীত কৰাৰ বাবে ১৩ খন খচৰা আইন তালিকাভুক্ত কৰিছে আনকি কংগ্ৰেছে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা জাননী স্বীকাৰ কৰা হৈছে আৰু সদনত এই বিষয়টো অমীমাংসিত হৈ আছে ৷ চলিত অধিৱেশনত, মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ দাবীত বিৰোধীয়ে উচ্চ স্বৰত দিয়া শ্ল'গানৰ মাজতে লোকসভাই চমু আলোচনাৰ পিছত পাঁচখন বিধেয়ক গৃহীত কৰিছে ৷ ৰাজ্যসভাই যোৱা সপ্তাহত চিনেমাটোগ্ৰাফ (সংশোধনী) বিধেয়ককে ধৰি তিনিখন বিধেয়ক গৃহীত কৰিছিল ৷

কংগ্ৰেছৰ নেতৃত্বত বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ সাংসদসকলৰ এটা প্ৰতিনিধি দলে যোৱা সপ্তাহাত হিংসাজৰ্জৰ মণিপুৰ ভ্ৰমণ কৰে আৰু মণিপুৰৰ ৰাজ্যপাল সাক্ষাৎ কৰি ৰাজ্যখনত শান্তি আৰু স্বাভাৱিক পৰিৱেশ ঘূৰাই অনাৰ লক্ষ্যৰে এখন চাৰ্টাৰ তৈয়াৰ কৰাৰ দাবীত এখন স্মাৰকপত্ৰ প্ৰদান কৰে ৷

মণিপুৰত সংঘটিত হিংসাত্মক ঘটনাক লৈ সংসদৰ অচলাৱস্থাৰ অৱসান ঘটাবলৈ গৃহমন্ত্ৰী অমিত শ্বাহে প্ৰস্তাৱ দিছে যে, তেওঁ দুয়োখন সদনত হোৱা আলোচনাৰ উত্তৰ দিবলৈ ইচ্ছুক ৷ কিন্তু প্ৰধানমন্ত্ৰী মোদীৰ বিস্তৃত বক্তব্যৰ দাবীত অটল হৈ থকা বিৰোধীয়ে এই প্ৰস্তাৱ নাকচ কৰে ৷

লগতে পঢ়ক :No confidence motion against BJP govt : বিৰোধীৰ অনাস্থা প্ৰস্তাৱ সন্দৰ্ভত ২ আগষ্টত হ'ব আলোচনা

ABOUT THE AUTHOR

...view details