নেশ্যনেল ডেস্ক,২৪ জুলাই :মণিপুৰৰ বিষয়ক লৈ উত্তাল হৈ আছে সংসদৰ দুয়োখন সদন । সোমবাৰে বৰ্ষাকালীন অধিৱেশনৰ তৃতীয় দিনাও লোকসভা আৰু ৰাজ্যসভাত বিৰোধীৰ তীব্ৰ হুলস্থূল । ১২ বজালৈ স্থগিত ৰাখিবলগীয়া হয় লোকসভা আৰু ৰাজ্যসভা । ইয়াৰ মাজতে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বিশেষ আহ্বান জনালে বিৰোধী দলসমূহক । সদনৰ মসৃণ কাৰ্যকলাপৰ বাবে সংগঠিত আৰু গঠনমূলক আলোচনাত অংশগ্ৰহণ কৰিবলৈ তেওঁ বিৰোধীক আহ্বান জনায় ।
কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে, তেওঁ বিৰোধী দলসমূহৰ ৰণনীতি বুজি পোৱা নাই । কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ বিষয়টোক লৈ আলোচনাৰ প্ৰতিশ্ৰুতি দিছে যদিও সংসদত বিৰোধীয়ে কিয় হুলস্থূল সৃষ্টি কৰিছে বুলি তেওঁ উদ্বেগ প্ৰকাশ কৰে ।
বিৰোধীয়ে আলোচনাৰ পৰা কিয় আঁতৰি আছে বুলিও মন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰে । ইফালে, বিৰোধী দলসমূহৰ নতুনকৈ গঠন হোৱা মিত্ৰজোঁট INDIAয়ে সংসদ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি লোকসভা আৰু ৰাজ্যসভাত মণিপুৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বক্তব্যৰ দাবী তোলে । জেডিইউৰ লালন সিং, আপৰ সঞ্জয় সিং আৰু কংগ্ৰেছৰ গৌৰৱ গগৈকে ধৰি বিৰোধী দলৰ মিত্ৰজোঁটৰ কেইবাজনো সাংসদে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে । তেওঁলোকে দুয়োখন সদনত প্ৰধানমন্ত্ৰীৰ বিবৃতি দাবী কৰি হাতে হাতে বেনাৰ লৈ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে শ্ল'গান দিয়ে ।