নেশ্যনেল ডেস্ক, ২৫ জুলাই :মণিপুৰৰ বিষয়ক লৈ লোকসভা আৰু ৰাজ্যসভাত অচলাৱস্থা অব্যাহত আছে । বিৰোধীৰ হুলস্থূলৰ বাবে যোৱা ৩ টা দিনত কেইবাবাৰো সদন স্থগিত ৰাখিবলগীয়া হৈছে । বিৰোধীৰ এনে আক্ৰমণক এইবাৰ উভতি ধৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মতে এনে দিশাহীন বিৰোধী তেওঁ কেতিয়াও দেখা নাই ।
বৰ্ষাকালীন অধিৱেশনৰ অচলাৱস্থা সন্দৰ্ভত মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত ভাৰতীয় জনতা পাৰ্টীৰ সংসদীয় দলৰ এখন বৈঠকত তেওঁ এই মন্তব্য কৰে । এই বৈঠকত, বিৰোধী দলবোৰৰ হুলস্থুলৰ মোকাবিলা কৰাৰ ৰণনীতিৰ বিষয়ে আলোচনা কৰা হয় । লগতে, এই অধিৱেশনত উত্থাপন কৰিবলগীয়া বিধেয়কসমূহৰ বিষয়েও বৈঠকত বিস্তৃতভাৱে আলোচনা কৰা হয় । একে সময়তে, মণিপুৰ বিষয়টোও বৈঠকত আলোচনা কৰা হয় বুলি জানিব পৰা গৈছে ।
বিজেপি সংসদীয় দলৰ বৈঠকত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, বিৰোধী দল বিচলিত আৰু হতাশ হৈ পৰিছে । তেওঁৰ মতে বিৰোধীৰ বেছি দিন শাসনত থকাৰ কোনো ইচ্ছা নাই । বিৰোধী মিত্ৰজোঁটৰ 'ইণ্ডিয়া' নামক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, ইষ্ট ইণ্ডিয়া কোম্পানীয়েও নিজৰ নামৰ আগত ইণ্ডিয়া লগাইছিল । ইণ্ডিয়ান মুজাহিদীনতো 'ইণ্ডিয়া' শব্দতো আছে ।