নেশ্যনেল ডেস্ক,১৪ জানুৱাৰী :শেহতীয়াকৈ দিল্লীৰ সংসদৰ নিৰাপত্তা উলংঘনৰ ৫ জন অভিযুক্তক তেওঁলোকৰ পলিগ্ৰাফ, নাৰ্কো টেষ্ট আৰু ব্ৰেইন মেপিং কৰা হৈছিল । নাৰ্কো টেষ্টৰ পাছতে এই গোচৰটোৰ এক নতুন তথ্য পোহৰলৈ আহিছে । আৰক্ষীৰ এক সূত্ৰৰ মতে মনোৰঞ্জন ডি আছিল ঘটনাটোৰ মূল ষড়যন্ত্ৰকাৰী । ইয়াৰ পূৰ্বে আৰক্ষীয়ে কৈছিল যে ১৩ ডিচেম্বৰৰ ঘটনাটোৰ মূল ষড়যন্ত্ৰকাৰী আছিল ললিত ঝা ।
ঘটনাৰ ৬ অভিযুক্ত ক্ৰমে সাগৰ শৰ্মা, মনোৰঞ্জন ডি, অমল চিন্দে, নীলম আজাদ, ললিত ঝা আৰু মহেশ কুমাৱতক শনিবাৰে পাটিয়ালা হাউচ আদালতত হাজিৰ কৰোৱা হৈছিল । আদালতে তেওঁলোকক ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে । আৰক্ষী সূত্ৰৰ মতে নীলমৰ বাহিৰে আন ৫ জন অভিযুক্তক ৮ ডিচেম্বৰত পলিগ্ৰাফ পৰীক্ষাৰ বাবে গুজৰাটলৈ লৈ যোৱা হৈছিল । সাগৰ আৰু মনোৰঞ্জনৰ অতিৰিক্ত নাৰ্কো টেষ্ট আৰু ব্ৰেইন মেপিং টেষ্টো কৰা হৈছে । নীলমে আদালতৰ সন্মুখত পৰীক্ষাৰ বাবে সন্মতি দিয়া নাছিল ।