অসম

assam

ETV Bharat / bharat

সংসদত আতংক সৃষ্টি কৰা ৫ অনুপ্ৰৱেশকাৰীক আটক; ইউএপিএৰ অধীনত গোচৰ ৰুজু - Unlawful Activities Prevention Act

২০০১ চনৰ সংসদৰ সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকীৰ দিনাই নিৰাপত্তা ব্যৱস্থাক উলংঘন কৰি সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডিয়ে শূন্যকালত দৰ্শকৰ গেলেৰীৰ পৰা লোকসভাৰ কক্ষত জঁপিয়াই পৰে । ইয়াৰ পিছত কেনিষ্টাৰৰ পৰা হালধীয়া গেছ নিক্ষেপ কৰে । সাংসদসকলে তেওঁলোকক দমন কৰাৰ সময়ত শ্লোগানো দিয়ে ।

5 detained in Parliament attack
সংসদত আতংক সৃষ্টি কৰা ৫ অনুপ্ৰৱেশকাৰীক আটক

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 11:42 AM IST

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ :দিল্লী আৰক্ষীয়ে সংসদৰ নিৰাপত্তা উলংঘনৰ সন্দৰ্ভত কঠোৰ বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত এটা গোচৰ ৰুজু কৰিছে। দিল্লী আৰক্ষীৰ বিষয়াসকলে বৃহস্পতিবাৰে এই কথা জনাইছে । উল্লেখ্য যে বুধবাৰে সংসদৰ নিৰাপত্তা ব্যৱস্থা উলংঘনৰ বাবে ছয়গৰাকী লোকে সু-সমন্বিতভাৱে আৰু অতি সতৰ্কতাৰে পৰিকল্পনা কৰিছিল। ইয়াৰে ভিতৰত পাঁচজনক আটক কৰা বুলি আৰক্ষী সূত্ৰই জনাইছে ।

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্ত ছয়গৰাকীয়ে ইজনে সিজনক চাৰি বছৰ ধৰি চিনি পাইছিল আৰু কেইদিনমান পূৰ্বে এই পৰিকল্পনাটো প্ৰস্তুত কৰিছিল। অভিযুক্তসকলে ছ'চিয়েল মিডিয়া প্লেটফৰ্মৰ জৰিয়তে ইজনে সিজনৰ সৈতে যোগাযোগ ৰক্ষা কৰিছিল আৰু বুধবাৰে সংসদলৈ অহাৰ পূৰ্বে এক পৰিকল্পনা কৰিছিল । সূত্ৰত প্ৰকাশ ।

উল্লেখ্য যে ২০০১ চনৰ সংসদত সন্ত্ৰাসবাদী আক্ৰমণৰ বাৰ্ষিকীৰ দিনাখনেই সদনত পুনৰ এক এক ডাঙৰ নিৰাপত্তা উলংঘনৰ ঘটনা সংঘটিত হয় । সাগৰ শৰ্মা আৰু মনোৰঞ্জন ডি নামৰ দুজন ব্যক্তিয়ে শূন্যকালত দৰ্শকৰ গেলেৰীৰ পৰা লোকসভাৰ কক্ষত জঁপিয়াই পৰে আৰু কেনিষ্টাৰৰ পৰা হালধীয়া গেছ নিক্ষেপ কৰে। কিন্তু উপস্থিত সাংসদসকলে তেওঁলোকক দমন কৰাৰ পূৰ্বে দুয়োৱে বিভিন্ন শ্লোগান দিয়ে। আনহাতে, প্ৰায় একে সময়তে আন দুগৰাকী অভিযুক্ত অমল শিন্দে আৰু নীলম দেৱীয়েও সংসদ চৌহদত 'তানাশাহী নহয় চলেগী' বুলি চিঞৰি থকাৰ সময়ত কেনিষ্টাৰৰ পৰা ৰঙীন গেছ ছটিয়াই দিয়ে ।

সাগৰ, মনোৰঞ্জন, অমল আৰু নীলম বৰ্তমান আৰক্ষীৰ জিম্মাত আছে । আনহাতে, অভিযুক্তই সংসদত উপস্থিত হোৱাৰ পূৰ্বে যাৰ ঘৰত আছিল, তেওঁলোকৰ সহযোগী বিশালক গুৰুগ্ৰামৰ পৰা আটক কৰা হৈছে । বৰ্তমান তেওঁলোকৰ আন এগৰাকী সহযোগী ললিতৰ সন্ধান চলি আছে । এই নিৰাপত্তা ব্যৱস্থা উলংঘনৰ পিছত বৰ্তমান সংসদৰ চাৰিওফালৰ এলেকাটোত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ লোক মোতায়েন কৰি এক দুৰ্গলৈ পৰিণত কৰা হৈছে । আনহাতে, দিল্লী আৰক্ষীৰ বিশেষ কোষক এই ঘটনাৰ তদন্তৰ দায়িত্ব দিয়া হৈছে ।

ইফালে আৰক্ষী বিষয়াসকলে জনোৱা মতে, জেৰাৰ সময়ত অমলে অনুসন্ধানকাৰীৰ আগত প্ৰকাশ কৰিছে যে তেওঁলোক কৃষকৰ প্ৰতিবাদ, মণিপুৰ সংকট আৰু নিবনুৱাৰ দৰে বিষয়ত অসন্তুষ্ট আছিল । আৰু সেয়েহে তেওঁলোকে এই কাৰ্যটো সংঘটিত কৰিছিল । "তেওঁলোকৰ একেই আদৰ্শ আছিল আৰু সেয়েহে চৰকাৰক এটা বাৰ্তা দিয়াৰ সিদ্ধান্ত লৈছিল । নিৰাপত্তা সংস্থাসমূহে তেওঁলোকক কোনো ব্যক্তি বা কোনো সংগঠনে নিৰ্দেশ দিছিলনেকি সেয়া জানিবলৈ চেষ্টা কৰি আছে ।" এগৰাকী বিষয়াই কয় ।

উল্লেখ্য যে সাগৰ, মনোৰঞ্জন, অমল, নীলম আৰু ললিত মঙলবাৰে নিশা গুৰুগ্ৰামৰ বিশালৰ ঘৰত আছিল । পুৱা তেওঁলোকে সংসদলৈ ৰাওনা হয় । এগৰাকী বিষয়াই জনোৱা মতে, বিশাল শৰ্মাই পূৰ্বতে এটা ৰপ্তানি কোম্পানীত চালক হিচাপে কাম কৰিছিল । কিন্তু শেহতীয়াভাৱে তেওঁ এখন অটোৰিক্সা চলাই আছিল । আনহাতে, তেওঁৰ চুবুৰীয়াসকলে দাবী কৰিছে যে তেওঁ এজন মাতাল ব্যক্তি আৰু প্ৰায়ে তেওঁৰ পত্নীৰ সৈতে কাজিয়া কৰে ।

আৰক্ষীয়ে বিশালৰ পত্নীকো আটক কৰিছে আৰু ঘটনাটোত তেওঁৰ সম্ভাৱ্য ভূমিকাৰ তদন্ত চলি আছে বুলিও এগৰাকী বিষয়াই কয় । "ছয়গৰাকী অভিযুক্তৰ আটাইকেইজনে সংসদত প্ৰৱেশ কৰিব বিচাৰিছিল, কিন্তু মাত্ৰ দুজনেহে অনুমতি পাইছিল ।" আন এক সূত্ৰই কয় । আনহাতে, সংসদ চৌহদৰ বাহিৰত কেনিষ্টাৰৰ পৰা ধোঁৱা নিক্ষেপ কৰা অমল আৰু নীলমৰ ভিডিঅ' প্ৰস্তুত কৰিছিল ললিতে ।

ইয়াৰ পিছত ভিডিঅ'টো ললিতে ইনষ্টাগ্ৰামত আপলোড কৰে । তেওঁ নীলম, অমল, সাগৰ আৰু মনোৰঞ্জনৰ মোবাইল ফোন ৰাখিছিল বুলি আৰক্ষীয়ে জনায় । আৰক্ষীৰ এটা সূত্ৰই কয়, "অভিযুক্তৰ ওচৰত কোনো মোবাইল ফোন পোৱা হোৱা নাই আৰু আৰক্ষীয়ে তেওঁলোকৰ ফোন বিচাৰি আছে ।" ৩০ বছৰ অতিক্ৰম কৰিব ওলোৱা হাৰিয়ানাৰ জিন্দৰ বাসিন্দা নীলমে আৰক্ষীৰ আগত প্ৰকাশ কৰিছে যে তেওঁ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে অধ্যয়ন কৰি আছে । নীলমে এমএ, বিএড, এমএড, চিটিইটি আৰু এমফিল কৰাৰ উপৰি নেট পৰীক্ষাও উত্তীৰ্ণ কৰিছে ।

আনহাতে, আৰক্ষীয়ে আটক কৰাৰ সময়ত নীলমে সাংবাদিকৰ আগত কয়, "ভাৰত চৰকাৰে আমাক অত্যাচাৰৰ সন্মুখীন কৰাই আছে । যেতিয়া আমি আমাৰ অধিকাৰৰ বাবে মাত মাতিব বিচাৰোঁ, আমাক প্ৰহাৰ কৰা হয় আৰু কাৰাগাৰত ভৰাই থয় । আমি অযথা বলৰ সন্মুখীন হওঁ । আমি কোনো সংগঠনৰ অন্তৰ্ভুক্ত নহয় । আমি শিক্ষাৰ্থী আৰু আমি নিবনুৱা ।"

"আমাৰ পিতৃ-মাতৃয়ে শ্ৰমিক হিচাপে কাম কৰে । তেওঁলোক কৃষক আৰু কিছুমান সৰু দোকানী । আমাৰ কণ্ঠস্বৰ দমন কৰাৰ চেষ্টা কৰা হৈছে । স্বৈৰাচাৰী শাসনে কাম নকৰিব ।" তেওঁ লগতে কয় । আনহাতে, সূত্ৰত প্ৰকাশ পোৱা অনুসৰি বিজেপি সাংসদ প্ৰতাপ সিমহাই অনুমোদন জনোৱা প্ৰৱেশ-পত্ৰ লৈ শূন্যকালত দৰ্শকৰ গেলেৰীৰ পৰা লোকসভা চেম্বাৰত জঁপিয়াই পৰা দুজন ব্যক্তিৰ ভিতৰত মনোৰঞ্জন ডিক তেওঁ চিনি পায় । কিয়নো তেওঁ হৈছে প্ৰতাপৰ সমষ্টি মহিশূৰৰ বাসিন্দা আৰু তেওঁ প্ৰায়ে সাংসদগৰাকীৰ কাৰ্যালয়লৈ গৈছিল ।

আনহাতে, মনোৰঞ্জনে সাগৰক সাংসদগৰাকীৰ কাৰ্যালয়ত বন্ধু হিচাপে পৰিচয় কৰাই দিছিল আৰু নতুন সংসদ ভৱন পৰিদৰ্শন কৰাৰ অজুহাতত অনুমতি-পত্ৰ জাৰি কৰিছিল । মহাৰাষ্ট্ৰৰ লাটুৰৰ বাসিন্দা অমল স্নাতক কিন্তু নিবনুৱা । তেওঁ এজন প্লাম্বাৰৰ সহায়ক হিচাপে কাম কৰিছিল । তেওঁ আৰক্ষীক জনোৱা অনুসৰি, তেওঁ মহাৰাষ্ট্ৰৰ কল্যাণৰ পৰা প্ৰায় ১,২০০ টকা মূল্যত কমেও পাঁচটা ৰঙৰ ধোঁৱাৰ কেনিষ্টাৰ ক্ৰয় কৰিছিল । এগৰাকী বিষয়াই পিটিআইৰ আগত কয় ।

লগতে পঢ়ক :সংসদৰ ভিজিটৰ পাছ কোনে কিদৰে প্ৰদান কৰে ?

ABOUT THE AUTHOR

...view details