নেচনেল ডেক্স, 13 জুন : শিৰোমণি আকালী দলৰ পৃষ্ঠপোষক তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সি বাদলক তলৱ এছ আই টি (SIT)ৰ ৷ কোটকাপুৰা আৰক্ষীৰ গুলীচালনাৰ গোচৰত জড়িত থকাৰ সন্দেহত, এডিজিপি যাদৱৰ নেতৃত্বাধীন বিশেষ অনুসন্ধানকাৰী দলে ১৬ জুনত শিৰোমণি আকালী দলৰ পৃষ্ঠপোষক তথা পঞ্জাৱৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰকাশ সিং বাদলক তলৱ কৰিছে ।
জানিব পৰা মতে, ২০১৫ চনৰ অক্টোবৰ আৰু আগষ্ট ২০১৮ ত কোটকাপুৰা মহানগৰ আৰক্ষী থানাত পঞ্জীয়ন কৰা দুখন এজাহাৰৰ সন্দৰ্ভত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক মাতি পঠোৱা হৈছে । এছ আই টি(SIT)য়ে ঘটনা সন্দৰ্ভত নিশ্চিত হ’ব বিচাৰে যে, ২০১৫ চনত এখন ধৰ্মীয় গ্ৰন্থক অৱমাননা কৰাৰ বিৰুদ্ধে চলা প্ৰতিবাদত কোনে গুলীচালনাৰ নিৰ্দেশ দিছিল ।