অসম

assam

By

Published : Mar 24, 2023, 9:53 AM IST

Updated : Mar 24, 2023, 12:07 PM IST

ETV Bharat / bharat

Pradeep Sarkar passes away: পৰিণীতা, মাৰ্দানীৰ পৰিচালক প্ৰদীপ সৰকাৰৰ ইহলীলা সম্বৰণ

ছৈফ আলী খান আৰু বিদ্যা বালন দ্বাৰা অভিনীত ছুপাৰহিট ছবি ‘পৰিনীতা’ৰ পৰিচালক প্ৰদীপ সৰকাৰ শুকুৰবাৰে পুৱা ইহলীলা সম্বৰণ কৰে । ২৪ মাৰ্চৰ পুৱা চলচ্চিত্ৰ নিৰ্মাতা হান্সাল মেহতাই এক টুইটযোগে এই দুখৰ খবৰ শ্বেয়াৰ কৰে । তেওঁ প্ৰদীপ চৰকাৰৰ এখন ছবি শ্বেয়াৰ কৰি তাৰ সৈতে তেওঁ কেপচনত লিখিছিল- 'প্ৰদীপ চৰকাৰ, দাদা ৰেষ্ট ইন পিছ ।'

Parineeta Mardaani director Pradeep Sarkar passes away at 67
পৰিণীতা, মাৰ্দানীৰ পৰিচালক প্ৰদীপ চৰকাৰৰ দেহাৱসান

চিটাৰা ডেস্ক, 24 মাৰ্চ: বিখ্যাত চলচ্চিত্ৰ পৰিচালক প্ৰদীপ চৰকাৰ আৰু এই পৃথিৱীত নাই । এই দুখজনক খবৰ নিশ্চিত কৰিছে বলীউডৰ ছবি নিৰ্মাতা হান্সল মেহতাই । টুইটাৰত প্ৰদীপ সৰকাৰৰ ছবি শ্বেয়াৰ কৰি তেওঁ কয় যে, তেওঁ আৰু এই পৃথিৱীত আৰু নাই । ৬৭ বছৰ বয়সত ইহলীলা সম্বৰণ কৰে চলচ্চিত্ৰ নিৰ্মাতা প্ৰদীপ সৰকাৰে(Pradeep Sarkar passes away)। ২৪ মাৰ্চৰ পুৱা ৩.৩০ বজাত শেষ পৰিচালক গৰাকীয়ে নিজৰ শেষ নিশ্বাস ত্যাগ কৰে(pradeep sarkar death news)।

প্ৰদীপ চৰকাৰে পৰিচালক হিচাপে বলীউডক ‘পৰিনীতা’, ‘হেলিকপ্টাৰ ইলা’, ‘লাগা চুনাৰী মে দাগ: জাৰ্নি অৱ এ ৱমেন’, ‘লাফাংগে পৰিন্দে’, ‘মৰ্দানী’ আদি ছবি প্ৰদান কৰিছে(pradeep sarkar movies)। এনে পৰিস্থিতিত তেওঁৰ আকস্মিক দেহাৱসানৰ খবৰে চলচিত্ৰ উদ্যোগটোক স্তম্ভিত কৰি তুলিছে । অৱশ্যে তেওঁৰ মৃত্যুৰ কাৰণ এতিয়াও নিশ্চিত হোৱা নাই(pradeep sarkar web series)। পুৱা তেওঁৰ অৱস্থা সংকটজনক হৈ পৰাত তেওঁক পুৱা ৩ বজাত চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁৰ মৃত্যু হয় ।

বিগত কেইবছৰমানৰ পৰা ‘নীল সমন্দৰ’ (২০১৯), ‘Forbidden Love’ (২০২০) আৰু ‘Kaisi Paheli Zindagani’ (২০২১)ৰ দৰে প্ৰজেক্টত কাম কৰি অহা প্ৰদীপ সৰকাৰে অতি সোনকালে অভিভাৱক আৰু... ল'ৰা-ছোৱালী মাজৰ বয়সৰ ওপৰত ছবি নিৰ্মাণ কৰাৰ কথা পৰিকল্পনা কৰিছিল । বলীউডৰ শীৰ্ষ পৰিচালকসকলৰ ভিতৰত তেওঁকো এগৰাকী অন্যতম ছবি পৰিচালক হিচাপে গণ্য কৰা হৈছিল ৷ তেওঁ কেৱল এগৰাকী পৰিচালকেই নহয়, এজন মহান লেখকো আছিল(pradeep sarkar upcoming movies)। ছবিলৈ অহাৰ পূৰ্বে প্ৰদীপ চৰকাৰে বছৰ বছৰ ধৰি বিজ্ঞাপনৰ জগতত কাম কৰিছিল(Parineeta Mardaani director Pradeep Sarkar)।

ইফালে বলীউড অভিনেতা অজয় দেৱগনে টুইটযোগে লিখিছে– ‘দাদা’ প্ৰদীপ চৰকাৰৰ মৃত্যুৰ খবৰটো আমাৰ মাজৰ একাংশৰ বাবে এতিয়াও বিশ্বাস কৰাটো কঠিন । মোৰ গভীৰ সমবেদনা মোৰ প্ৰাৰ্থনা মৃতকৰ লগতে তেওঁৰ পৰিয়ালৰ সৈতে আছে, RIP দাদা ৷

আনহাতে, আজি বিয়লি ৪ বজাত ছান্টাক্ৰুজৰ এখন শ্মশান ক্ষেত্ৰত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব ।

লগতে পঢ়ক:Gumraah trailer out: একচন থ্ৰিলাৰ ৰহস্যৰে ভৰপূৰ আদিত্য ৰায় কাপুৰ, মৃণাল ঠাকুৰৰ ছবি গুমৰাহৰ ট্ৰেইলাৰ মুকলি

Last Updated : Mar 24, 2023, 12:07 PM IST

ABOUT THE AUTHOR

...view details