নিউজ ডেস্ক, 11 মে’: বৃদ্ধ বয়সত নাতি-নাতিনীৰ সৈতে সময় অতিবাহিত কৰাৰ হেঁপাহ সকলো ককা-আইতাকৰে থাকে ৷ নাতি-নাতিনীসকলেও ককা-আইতকৰ মুখৰ পৰা সাধু শুনি, তকেওঁলোকৰ সৈতে ধেমালি কৰি খুবেই ভাল পায় ৷ কিন্তু কেতিয়াবা নাতিৰ মুখ দেখাৰ পৰা বঞ্চিত হ’ব লগীয়া হয় ককা-আইতা ৷ বহু সময়ত নাতি দিব নোৱাৰাৰ বাবে বোৱাৰীক ককৰ্থনা, গালি-গালাজ কৰা ঘটনাও আমাৰ সমাজত দেখা যায় ৷ কিন্তু উত্তৰাখণ্ডত সংঘটিত হোৱা এটা ঘটনাই আপোনাক আচৰিত কৰি তুলিব (Amazing incident in Uttarakhand)৷
ধৰ্মনগৰী হৰিদ্বাৰত সংঘটিত হৈছে এই আশ্চৰ্যজনক ঘটনা ৷ এক বৃদ্ধ দম্পতীয়ে নিজ পুত্ৰ-বোৱাৰীক দাবী কৰিলে নাতিৰ (Parents demand grandchildren) ৷ যদি পুত্ৰ-বোৱাৰীয়ে দম্পতীটোৰ সেই আশা পূৰণ কৰিব নোৱাৰে তেন্তে দুয়োকে আঢ়ৈ কোটি আঢ়ৈ কোটিকৈ মুঠ পাঁচ কোটি টকা দিবলৈ দাবী তোলে ৷ জিলা আদালতত এই সন্দৰ্ভত এক আবেদন দাখিল কৰিছে দম্পতীটোৱে (Parents move court against son)৷ অহা 17 মে’ত এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰিব আদালতে ৷
আচলতে, হৰিদ্বাৰৰ আবাসী সঞ্জীৱ ৰঞ্জন প্ৰসাদে বি এইছ ই এলৰ পৰা অৱসৰ গ্ৰহণ কৰিছে ৷ বৰ্তমান তেওঁ পত্নী সাধনাৰ সৈতে এখন হাউচিং চ’ছাইটিত বসবাস কৰে ৷ সঞ্জীৱ ৰঞ্জনৰ উকিল অৰবিন্দ কুমাৰে কয় যে, এই দম্পতীটোৱে 2016 চনত নিজৰ একমাত্ৰ পুত্ৰ শ্ৰেয় সাগৰক নয়ডাৰ শুভাংগী সিন্হাৰ সৈতে বিয়া পাতি দিছিল ৷ সাগৰ পেশাত এগৰাকী পাইলট আৰু শুভাংগীয়েও নয়ডাত চাকৰি কৰে ৷