নেশ্যনেল ডেস্ক, 25 অক্টোবৰ :সম্প্ৰতি সমাজখনত বিবাহ-বিচ্ছেদৰ ঘটনা তেনেই সাধাৰণ ৷ কিন্তু ইয়াৰ মাজতে একাংশ বিবাহ বিচ্ছেদৰ বাতৰিয়ে ব্যাপক চৰ্চা লাভ কৰে ৷ এই ঘটনাও ইয়াৰ ব্যতিক্ৰম নহয় ৷ হাৰিয়ানা জিলাৰ পানিপটত শেহতীয়াকৈ হোৱা এখন বিবাহ-বিচ্ছেদে এতিয়া সৰ্বত্ৰে চৰ্চা লাভ কৰিছে ৷ এইখন বিবাহ-বিচ্ছেদক জিলাৰখনৰ ভিতৰত সৰ্বাধিক ব্যবহুল বিবাহ-বিচ্ছেদৰ ঘটনা বুলি পৰিগণিত কৰা হৈছে ৷ এই বিবাহ-বিচ্ছেদত ভৰণ পোষণৰ মূল্য নিৰ্ধাৰণ কৰা হৈছে 1 কোটি 11 হাজাৰ টকাত ৷ ইয়াৰে 6 বছৰীয়া কন্যাৰ নামত 70 লাখ টকা এফ ডি হিচাপে দিয়া হ'ব আৰু 30 লাখ 11 হাজাৰ টকা খৰচৰ বাবে পত্নীক দিয়া হ'ব।
পানিপটৰ বাসিন্দা এগৰাকী যুৱতীয়ে 7 বছৰৰ পূৰ্বে ৰোহতকৰ এজন ব্যৱসায়ীৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ৷ তেওঁলোকৰ এটা 6 বছৰীয়া কন্যা সন্তানো আছে। ইয়াৰ পিচতে পত্নীয়ে তেওঁৰ স্বামীৰ ওপৰত ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰি বিবাহ-বিচ্ছেদ সিদ্ধান্ত লৈছিল । মহিলা সুৰক্ষা আৰু বাল্য বিবাহ নিষিদ্ধকৰণ বিষয়া ৰজনী গুপ্তাৰ কাৰ্যালয়ৰ মতে, পানিপটত এতিয়ালৈকে এইটো আটাইতকৈ ব্যয়বহুল বিবাহ-বিচ্ছেদ। পূৰ্বতে বিবাহ-বিচ্ছেদৰ চুক্তি 1 কোটি হৈছিল যদিও কোনো পাৰস্পৰিক চুক্তি হোৱা নাছিল ৷