নিউজ ডেস্ক, ১৭ জানুৱাৰী: ৰাজস্থানৰ ধলপুৰত সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা । দুৰ্বৃত্তৰ এটা দলে পাইপ এডালত অগ্নি সংযোগ কৰা ঘটনাক লৈ অঞ্চলজুৰি তীব্ৰ আতংকৰ সৃষ্টি হৈছে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে, ৰাজস্থানৰ ধলপুৰৰ নিহালগানীত দুৰ্বৃত্তৰ এটা বৃহৎ দলে এগৰাকী মহিলাৰ ঘৰত আচম্বিতে প্ৰৱেশ কৰি নিৰ্বিচাৰভাৱে মাৰ পিট কৰাৰ লগতে ঘৰৰ সামগ্ৰীসমূহ ভাঙি ছিঙি নষ্ট কৰে ৷ ইয়াতে ক্ষান্ত নাথাকি মহিলাগৰাকীৰ বাসগৃহত অগ্নিসংযোগ কৰে দলটোৱে। ফলত সমগ্ৰ এলেকাটো জুইৰ লেলিহান শিখাই আগুৰি ধৰে ।
স্থানীয় ৰাইজে দুস্কৃতিকাৰীৰ দলটোক ধৰিবলৈ চেষ্টা কৰে যদিও ঘটনা সংঘটিত কৰি দুস্কৃতিকাৰীৰ দলটোৱে গুলীবৰ্ষণ কৰি পলায়ন কৰে ।