আগৰতলা, 9 জুন : প্ৰতিকুল বতৰ, প্ৰখৰ ৰ'দ আৰু হিম শীতল ঠাণ্ডাৰ পৰিৱেশৰ সন্মুখীন হৈও তেওঁলোকৰ সেৱা অবিৰতভাৱে চলি থাকে । কোনো এটা ঠেক গলি, চহৰৰ জনবহুল অঞ্চল অথবা আটাইতকৈ নিৰ্জন কোণ চহৰখনৰ প্ৰতিটো কোণেই তেওঁলোকৰ নখ দৰ্পণত থাকে ৷ তেওঁলোক আন কোনো নহয় আমাৰ সকলোৰে চিনাকি ৰিক্সাচালকসকল । যদিও গোটেই পৰিবহণ খণ্ডৰ কথা বিবেচনা কৰাৰ সময়ত তেওঁলোকে লাভ কৰা গুৰুত্ব নামমাত্ৰ তথাপি আগৰতলা চহৰৰ এটা অংশৰ পৰা আন এটা অংশলৈ যাত্ৰী কঢ়িয়াই অনাৰ দায়িত্ব পালন কৰি আছে এক হাজাৰৰো অধিক ৰিক্সাচালকে ৷
বৰ্তমান ক’ভিড 19 মহামাৰীয়ে মোক্ষম আঘাত হানিছে এইসকল ৰিক্সা চালকৰ ওপৰত ৷ আগৰতলা চহৰত সচৰাচৰ ৭০০-১,০০০ টকালৈকে উপাৰ্জন কৰা ৰিক্সা চালকসকল এতিয়া ঘৰলৈ উভতি যাওঁতে ৩০০ টকাৰ সীমা স্পৰ্শ কৰিবলৈও সংগ্ৰাম কৰিবলগীয়া হৈছে ।