নেশ্যনেল ডেস্ক, 21 আগষ্ট : ৰাখী বন্ধনলৈ মাজত মাথো কেইটামান দিন ৷ ৰাখী বন্ধন বুলি ক’লেই চৰ্চালৈ অহা অন্য এটা বিষয় হৈছে প্ৰতিৱেশী ৰাষ্ট্ৰ ভাৰত আৰু পাকিস্তানৰ এহাল জনপ্ৰিয় ভাতৃ-ভগ্নীৰ যুটি ৷ সাধাৰণতে ৰাখী বন্ধনৰ দিনা সকলো ভনীয়েকৰ দৰে এইগৰাকী ভগ্নীয়েও ৰাখী পিন্ধাই ভাতৃক ৷ পিছে চৰ্চাৰ বিষয় হ’ল, এইগৰাকী পাকিস্তানী ভগ্নীয়ে ৰাখী পিন্ধাই তেওঁৰ ভাতৃ তথা ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী কমৰ জাহানে প্ৰতিবছৰৰ দৰেই এই বছৰো ৰাখী বান্ধিবলৈ দিল্লীলৈ ৰাওনা হৈছে ৷
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভগ্নী বসন্তী বেহেন দৰেই বিখ্যাত, তেওঁৰ এইগৰাকী পাকিস্তানী ভগ্নী ৷ যোৱা 35 বছৰ ধৰি প্ৰধানমন্ত্ৰী মোদীক ৰাখী পিন্ধাই আছে এইগৰাকী কমৰে ৷ পাকিস্তানৰ কমৰ জাহানে আহমেদাবাদৰ তেলাৱতৰ মহছিন শ্বেইখৰ লগত বিবাহপাশত আৱদ্ধ হৈছে ৷ তাৰ পিচৰে পৰাই আহমেদাবাদতেই বাস কৰে কমৰে ৷
তেওঁলোকৰ সম্পৰ্কৰ সন্দৰ্ভত কমৰে ইটিভি ভাৰতক কয়, " আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক 35 বছৰ ধৰি চিনি পাওঁ ৷ ড৹ স্বৰূপ সিং গুজৰাটৰ ৰাজ্যপাল হৈ থকাৰ সময়তেই তেওঁ মোক তেওঁৰ জীয়ৰী হিচাপে তুলি লৈছিল ৷ গুজৰাটৰ ৰাজ্যপাল হিচাপে তেওঁৰ কাৰ্যকাল সমাপ্ত হোৱাৰ পিচত যেতিয়া তেওঁ গুজৰাট এৰি আছিল, আমি তেওঁক আহমেদাবাদৰ বিমানবন্দৰত লগ কৰিবলৈ গৈছিলো ৷ নৰেন্দ্ৰ মোদী তেতিয়া এজন আৰ এছ এছ কৰ্মী আছিল, তেওঁ তেতিয়াও তাত উপস্থিত আছিল ৷ সেই সময়ত নৰেন্দ্ৰ মোদী ৰাজ্যপালৰ সৈতে বহি আছিল আৰু ৰাজ্যপালে কৈছিল যে এয়া মোৰ ছোৱালী, এতিয়া মই এওঁক আপোনালোকক হাতত গতালো ৷ তেতিয়াৰ পৰাই মোক তেওঁ ভগ্নী বুলি কয় আৰু তেতিয়াৰ পৰা মই প্ৰতি বছৰে নৰেন্দ্ৰ মোদীক মোৰ হাতেৰে নিৰ্মিত ৰাখী পিন্ধাও ৷"
কমৰ জাহানে লগতে কয়, "আজি তেওঁ দেশৰ প্ৰধানমন্ত্ৰী আৰু বিশ্বৰ আটাইতকৈ জনপ্ৰিয় নেতা, মই ইয়াকৈ লৈ অতি গৌৰৱান্বিত ৷ কিন্তু মই নৰেন্দ্ৰ মোডীক এজন সাধাৰণ কৰ্মী হোৱাৰ পৰাই চিনি পাওঁ ৷ মই এইটোও ভালদৰে জানো যে তেওঁ এজন কৰ্মীৰ পৰা প্ৰধানমন্ত্ৰীৰ পদ লাভ কৰিবলৈ কিমান সংগ্ৰাম কৰিছিল ৷ মই প্ৰতি বছৰে নৰেন্দ্ৰ মোদীজীক ৰাখী পিন্ধাওঁ ৷ এইবাৰো মই দিল্লীলৈ যাম আৰু প্ৰতিবাৰৰ দৰে তেওঁক নিজ হাতেৰে বনোৱা ৰাখী পিন্ধাম ৷"