নেশ্যনেল ডেস্ক,২২ ডিচেম্বৰ :ভাৰত পাকিস্তান সীমান্তত পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ অব্যাহত আছে । বিভিন্ন সময়ত ভাৰতৰ আকাশত পাকিস্তানী ড্ৰোণ দেখিবলৈ পোৱা যায় (Pakistani drone in India)। অৱশ্যে এই ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনী চোকা দৃষ্টি ৰাখিছে । যাৰ ফলস্বৰূপে প্ৰায়ে পাকিস্তানী ড্ৰোণৰ কাৰ্যকলাপ বন্ধ কৰাৰ বাবে সেনা তথা বিএছএফয়ে পদক্ষেপ গ্ৰহণ কৰি আহিছে ।
বৃহস্পতিবাৰে পুনৰ পাঞ্জাৱৰ ফিৰোজপুৰ চেক্টৰত সীমান্ত সুৰক্ষা বাহিনীয়ে এখন পাকিস্তানী ড্ৰোণলৈ লক্ষ্য কৰি গুলীবৰ্ষণ কৰে (Pakistani drone shot down by BSF)। লগতে ড্ৰোণখনত গুলীয়াই ভূ-পতিত কৰিবলৈ সক্ষম হয় । বুধবাৰেও সীমান্ত সুৰক্ষা বাহিনীয়ে পাঞ্জাৱৰ অমৃতসৰ জিলাত পাকিস্তানৰ পৰা প্ৰৱেশ কৰা এখন ড্ৰোণ গুলীয়াই ভূ-পতিত কৰে (BSF troops downed drone) । তথ্য অনুসৰি, সীমান্ত সুৰক্ষা বাহিনীৰ জোৱানসকলে পাকিস্তান সীমান্তৰ ওচৰত পাকিস্তানৰ ফালৰ পৰা এখন ড্ৰোণ অহা প্ৰত্যক্ষ কৰিছিল । লগে লগে তাৎক্ষণিকভাৱে গুলীয়াই ড্ৰোণখন ভূ-পতিত কৰে । ইতিমধ্যে বিএছএফয়ে এক অনুসন্ধান আৰম্ভ কৰিছে ।
উল্লেখ্য যে যোৱা মাহতো সীমান্ত সুৰক্ষা বাহিনীৰ এটা মহিলা দলে পাকিস্তানৰ পৰা পাঞ্জাৱৰ অমৃতসৰ জিলাৰ সীমান্তত প্ৰৱেশ কৰা ৩.১ কিলোগ্ৰাম নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ বাবে ব্যৱহাৰ কৰা এখন ড্ৰোণলৈ গুলীবৰ্ষণ কৰিছিল (Pak drone downed at Border) ৷ পাকিস্তানৰ পৰা ড্ৰাগছ সৰবৰাহৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ সক্ষম হৈছিল দলটো । বিষয়াসকলে উল্লেখ কৰা মতে বিএছএফৰ জোৱানসকলে নিশা অমৃতসৰ চহৰৰ পৰা প্ৰায় ৪০ কিলোমিটাৰ উত্তৰে চাহাৰপুৰ গাঁৱৰ ওচৰত ভাৰতীয় ভূ-খণ্ডত প্ৰৱেশ কৰা ড্ৰোণখন লক্ষ্য কৰিছিল ।