নেশ্যনেল ডেস্ক,১৪ ছেপ্টেম্বৰ :সন্ত্ৰাসবাদী সংগঠন জৈইচ-ই-মহম্মদৰ নেতা মাছুদ আজহাৰক গ্ৰেপ্তাৰ কৰিবলৈ আফগানিস্তানক আহ্বান জনালে পাকিস্তানে । এখন পত্ৰৰ জৰিয়তে আফাগনিস্তানক বিশেষ অনুৰোধ জনালে পাকিস্তানে (Pakistan writes to Afghanistan about Masood Azhar)। পাকিস্তানে উল্লেখ কৰা মতে মাছুদ আজহাৰ আফগানিস্তানত আত্মগোপন কৰি আছে, সেয়ে সন্ত্ৰাসবাদীটোক গ্ৰেপ্তাৰ কৰিব লাগে ।
পাকিস্তানে লগতে কয় যে, মাছুদ আজহাৰ নানগাৰহাৰ আৰু কুনাৰ অঞ্চলত লুকাই থকাৰ সম্ভাৱনা আছে । সেয়েহে, সন্ত্ৰাসবাদীটোক বিচাৰি উলিয়াব লাগে আৰু গ্ৰেপ্তাৰ কৰিব লাগে আৰু এই বিষয়ে পাকিস্তানক অৱগত কৰিব লাগে (Pakistan urges Afghanistan to arrest Masood Azhar)। কেৱল এয়াই নহয়, পাকিস্তানৰ চোৰাংচোৱা বিভাগে আজহাৰৰ সম্ভাৱ্য আত্মগোপনৰ স্থানসমূহৰ বিষয়ে তথ্যৰ আদান প্ৰদান কৰিছে ।
ইফালে পাকিস্তানৰ এই পত্ৰখনৰ আফগানিস্তানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । পাকিস্তানৰ এনে ধৰণৰ অভিযোগ অস্বীকাৰ কৰিছে আফগানিস্তানে । তালিবান চৰকাৰৰ জ্যেষ্ঠ নেতা আৰু ৰাষ্ট্ৰসংঘৰ স্থায়ী প্ৰতিনিধি সুহাইল শ্বাহিনে কয় যে, আফগানিস্তানত মাছুদ আজহাৰৰ উপস্থিতিৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই । আফগানিস্তানত থাকি আন এখন দেশৰ বাবে ষড়যন্ত্ৰ ৰচনা কৰা কাকোৱে আফগানিস্তানে সমৰ্থন নকৰে বুলিও স্পষ্ট কৰি দিয়ে সুহাইল শ্বাহিনে ।
ইফালে উজবেকিস্তানৰ ৰাজধানী সমৰকান্দত ১৫-১৬ ছেপ্টেম্বৰত এছচিঅ'ৰ বৈঠক অনুষ্ঠিত হ'ব (SCO summit at Uzbekistan)। এই বৈঠকত ভাৰতে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ বিষয়টো উত্থাপন কৰাৰ সম্ভাৱনা আছে । গতিকে এই সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, পাকিস্তানে আজহাৰৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে নেকি ?