নেশ্যনেল ডেস্ক, ১২ নৱেম্বৰ: পাকিস্তানে জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ নৌসেৰা ছেক্টৰ, ৰজৌৰী জিলা আৰু শ্বাহপুৰ, কিৰ্ণী আৰু কাছৱা ছেক্টৰত বৃহস্পতিবাৰে অপ্ৰৰোচিতভাৱে যুদ্ধবিৰতি উলংঘন কৰে । সেনাই প্ৰকাশ কৰা তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত পাক সেনাই নিয়ন্ত্ৰণ ৰেখাৰ সমীপৰ জনবসতিপূৰ্ণ অঞ্চলত গুলীবৰ্ষণ কৰে । ক্ষুদ্ৰ মাৰণাস্ত্ৰ আৰু ম'ৰ্টাৰেৰে আক্ৰমণ কৰে পাক সেনাই । ভাৰতীয় সেনায়ো কৰে প্ৰত্যাক্ৰমণ ।
জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ - বৃহস্পতিবাৰে
বৃহস্পতিবাৰে পুৱা প্ৰায় ৯ বজাত জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাত পুনৰ আক্ৰমণ কৰে পাক সেনাই । ক্ষুদ্ৰ মাৰণাস্ত্ৰ আৰু ম'ৰ্টাৰেৰে আক্ৰমণ কৰি যুদ্ধবিৰতি উলংঘন কৰে ।
![জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-9520319-699-9520319-1605173749741.jpg)
জম্মু-কাশ্মীৰত পুনৰ যুদ্ধবিৰতি উলংঘন পাকিস্তানৰ
বৃহস্পতিবাৰে পুঞ্চ জিলাৰ নৌসেৰা ছেক্টৰ, ৰজৌৰী জিলা আৰু শ্বাহপুৰ, কিৰ্ণী আৰু কাছৱা ছেক্টৰত পাক সেনাই আক্ৰমণ কৰে। উল্লেখ্য যে, বুধবাৰেও শ্বাহপুৰ, কিৰ্ণী আৰু কাছৱা ছেক্টৰত পাকিস্তানে যুদ্ধবিৰতি উলংঘন কৰিছিল ।
লগত পঢ়ক:অষ্ট্ৰেলিয়াই ভাৰতৰ বিৰুদ্ধে আগন্তুক বৰ্ডাৰ-গাভাস্কাৰ ট্ৰফী জিকিব:মাইকেল ভাৱঘান