অসম

assam

ETV Bharat / bharat

কৰতাৰপুৰ চাহিবৰ ব্যৱস্থাপনা ক্ষমতা হস্তান্তৰ - পাকিস্তান

কৰতাৰপুৰ চাহিবৰ ব্যৱস্থাপনা ক্ষমতা ইটিপিবিলৈ হস্তান্তৰ পাকিস্তানৰ ৷ শিখ গুৰুদ্বাৰা প্ৰৱন্ধক সমিতিৰ পৰা এই অধিকাৰ কাঢ়ি ইভাকু ট্ৰাষ্ট প্ৰপাৰ্টি বোৰ্ড (ইটিপিবি) ক অৰ্পন পাকিস্তানৰ ৷ ক্ষমতা সালসলনিৰ এই কাৰ্যক শিৰোমনি আকালি দলৰ গৰিহণা ৷

কৰতাৰপুৰ চাহিবৰ ব্যৱস্থাপনা ক্ষমতা হস্তান্তৰ
কৰতাৰপুৰ চাহিবৰ ব্যৱস্থাপনা ক্ষমতা হস্তান্তৰ

By

Published : Nov 5, 2020, 1:16 PM IST

নতুন দিল্লী, 5 নৱেম্বৰ:পাকিস্তানৰ ধাৰ্মিক পৰিক্ৰমা মন্ত্ৰণালয়ে নৱেম্বৰ 3 তাৰিখে কৰতাৰপুৰৰ গুৰুদ্বাৰা দৰবাৰ চাহেবৰ ব্যৱস্থাপনা ক্ষমতা কাঢ়ি লয় ৷ শিখ গুৰুদ্বাৰা প্ৰৱন্ধক সমিতিৰ পৰা এই অধিকাৰ কাঢ়ি ইভাকু ট্ৰাষ্ট প্ৰপাৰ্টি বোৰ্ডক (ইটিপিবি) ক অৰ্পন কৰে ৷ উল্লেখ্য যে ইটিপিবিয়ে পাকিস্তানত হিন্দু আৰু শিখ সকলৰ ধৰ্মীয় সম্পত্তি আৰু স্থানসমূহৰ ব্যৱস্থাপনাৰ বাবে কাম কৰে ৷

নৱেম্বৰ 3 তাৰিখে প্ৰকাশিত এক বিভাগীয় নিৰ্দেশত কোৱা হৈছে যে কেবিনেটৰ ইচিচি ৰ দ্বাৰা কৰতাৰপুৰ কৰিডৰ প্ৰকল্প ব্যৱস্থাপনা ইউনিট আৰু কেবিনেটৰ ৰ অনুমোদন স্বৰূপে ইটিবিপি ৰ অধীনত কৰতাৰপুৰ গুৰুদ্বাৰা ব্যৱস্থাপনাৰ বাবে এক প্ৰকল্প ব্যৱস্থাপনা ইউনিট স্থাপন কৰা হ'ব ৷ এই প্ৰকল্প ৰূপায়নৰ বাবে 9 গৰাকী বিষয়া আৰু সদস্যক কৰতাৰপুৰ প্ৰকল্প ব্যৱস্থাপনা ইউনিটত তালিকাভুক্ত কৰা হৈছে ৷

ভাৰতৰ শিৰোমনি আকালি দলে ক্ষমতা সালসলনিৰ এই কাৰ্যক গৰিহণা দিছে ৷ দলটোৰ উপ সভাপতি গৰাকীয়ে এক বিবৃতিযোগে কয় যে আকালি দলে এগৰাকীও শিখ সদস্যক নৰখাকৈ গুৰুদ্বাৰা দৰবাৰ চাহিবৰ সম্পূৰ্ণ নিয়ন্ত্ৰণৰ ভাৰ এনেকৈ ইটিপিবি ক হস্তান্তৰ কৰা কাৰ্যক গৰিহণা দিছে ৷ পাকিস্তানৰ এই সিদ্ধান্তক গৰিহণা দিয়াৰ লগতে সিদ্ধান্ত প্ৰত্যাৱৰ্তনৰ বাবেও আকালি দলে দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক:6 নৱেম্বৰত ভাৰত-চীন সেনাৰ অষ্টমলানি কামাণ্ডাৰ বৈঠক

ABOUT THE AUTHOR

...view details