ইণ্টাৰনেছনেল ডেস্ক,২৩ ফেব্ৰুৱাৰী: পাকিস্তানে সোমবাৰে এক প্ৰেছ বিজ্ঞপ্তি যোগে ঘোষণা কৰা মতে ইউনাইটেড নেশ্যনৰ পৰিৱেশ প্ৰ'গ্ৰামৰ সহযোগিতাৰে পালন কৰিব বিশ্ব পৰিৱেশ দিৱস । এই বছৰ পৰিৱেশ দিৱসৰ বিষয়বস্তু হ'ব 'পৰিৱেশ তন্ত্ৰৰ পুনৰুদ্ধাৰ' । লগতে ৰাষ্ট্ৰসংঘৰ 'ইকোচিষ্টেম ৰিষ্টোৰেচন ২০২১-২০৩০' কো বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ'ব বুলি বিজ্ঞপ্তিটোত কোৱা হৈছে ।
প্ৰতি বছৰে ৫ জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰা হয় । পৰিৱেশৰ প্ৰতি বিশ্ববাসীক সজাগ কৰাৰ লগতে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰাৰ বাবে এই দিনটো ৰাষ্ট্ৰসংঘত উল্লেখনীয় দিন হিচাপে বিবেচনা কৰা হয় । ৰাইজৰ মাজত পৰিৱেশৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে বহু বছৰ ধৰি এই দিৱসটো বিশ্বৰ লাখ লাখ মানুহে পালন কৰি আহিছে ।
ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বিভাগে প্ৰেছ বিবৃতি যোগে জনোৱা মতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ প্ৰতিনিধি হিচাপে জলবায়ু পৰিৱৰ্তন মন্ত্ৰী মালিক আমিনে ৰাষ্ট্ৰসংঘৰ পঞ্চম পৰিৱেশ বিধানসভাৰ সীমাবদ্ধতাক স্বীকাৰ কৰি পৰিৱেশ তন্ত্ৰৰ সংৰক্ষণ, সজাগতা আদিৰ ক্ষেত্ৰত আলোচনাৰ বাবে ৰাষ্ট্ৰসংঘৰ কাৰ্যবাহী সঞ্চালক ইংগাৰ এণ্ডাৰছনক সাক্ষাৎ কৰিছে । বিবৃতিটোত ইয়াকো কোৱা হৈছে যে, পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ নেতৃত্বত বিগত ৫ বছৰত ১০ লাখ গছপুলি ৰোপণেৰে ছুনামি আঁচনিৰ জৰিয়তে এক বৃহৎ বনানীকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।
দেশখনে পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি মেনগ্ৰোভ আৰু অৰণ্য স্থাপন কৰাৰ লগতে বিদ্যালয়, মহাবিদ্যালয়, ৰাজহুৱা উদ্যান আৰু সেউজীয়া বেল্টকে ধৰি নগৰ অঞ্চলত গছ ৰোপণৰ পৰিকল্পনা হাতত লৈছে । পাকিস্তানে পৰিৱেশ তন্ত্ৰৰ লগতে জৈৱ বৈচিত্ৰ সংৰক্ষণ আৰু বনানীকৰণৰ বাবে পৰিৱেশ তন্ত্ৰ পুনৰুদ্ধাৰ বিশেষ পুঁজিও আৱণ্টন দিছে । শেহতীয়াকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ৭,৩০০ বৰ্গ কিল’মিটাৰতকৈও অধিক ভূমি অঞ্চল সংৰক্ষণ আৰু ৫,৫০০ তকৈও অধিক বনানীকৰণৰ বাবে সমগ্ৰ দেশত ১৫ টা সুৰক্ষিত অঞ্চল বিকশিত কৰিবলৈ উদ্যোগ হাতত লৈছে ।