নেশ্যনেল ডেস্ক,৩০ ডিচেম্বৰ : মুম্বাইৰ ২৬/১১ আক্ৰমণৰ মূল অভিযুক্ত হাফিজ ছৈয়দৰ প্ৰত্যৰ্পণৰ বাবে ইতিমধ্যে ভাৰতে পাকিস্তানক অনুৰোধ জনাইছে । পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ মুমতাজ জাহৰা বালুচে শুকুৰবাৰে কয় যে পাকিস্তানে হাফিজ ছৈইদৰ প্ৰত্যাৰ্পণৰ বাবে ভাৰতৰ অনুৰোধ লাভ কৰিছে । কিন্তু তেওঁ নিশ্চিত কৰে যে ভাৰত আৰু পাকিস্তানৰ মাজত কোনো দ্বিপাক্ষিক প্ৰত্যাৰ্পণ চুক্তি নাই ।
এক বিবৃতিত মুমতাজ জাহৰা বালোচে কয় যে তথাকথিত ধন আত্মসাৎ গোচৰত হাফিজ ছৈইদৰ প্ৰত্যৰ্পণ বিচাৰি পাকিস্তানে ভাৰতৰ পৰা এই সন্দৰ্ভত এক অনুৰোধ পত্ৰ লাভ কৰিছে ।
ইফালে ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ চৰকাৰী মুখপাত্ৰ অৰিন্দম বাগচীয়ে কয় যে ভাৰতে এক নিৰ্দিষ্ট গোচৰত বিচাৰৰ সন্মুখীন হোৱাৰ বাবে ভাৰতলৈ হাফিজ ছৈইদৰ প্ৰত্যৰ্পণ সন্দৰ্ভত পাকিস্তান চৰকাৰক অনুৰোধ জনাইছে । সংবাদ মাধ্যমক বাগচীয়ে কয় যে হাফিজ ছৈইদ ভাৰতৰ বাবে ম'ষ্ট ৱাণ্টেড । তেওঁ ৰাষ্ট্ৰসংঘৰ নিষিদ্ধ সন্ত্ৰাসবাদী । এই সন্দৰ্ভত ভাৰতে প্ৰাসঙ্গিক নথিপত্ৰৰ সৈতে পাকিস্তান চৰকাৰক এক নিৰ্দিষ্ট গোচৰত বিচাৰৰ সন্মুখীন হ'বলৈ তেওঁক ভাৰতলৈ প্ৰত্যৰ্পণ কৰিবলৈ অনুৰোধ জনাইছে ।