নেশ্যনেল ডেস্ক, 28 জুলাই : ভাৰতৰ পৰা পাকিস্তানলৈ গৈ ইছলাম ধৰ্মী যুৱকৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱা ৰাজস্থানৰ অঞ্জুক পুনৰ গ্ৰহণ নকৰে অঞ্জুৰ স্বামীয়ে ৷ অঞ্জুৰ স্বামী অৰবিন্দই ল’ৰা-ছোৱালীকেইটা তেওঁৰ লগত থাকিব লাগিব বুলি দাবী কৰাৰ লগতে অঞ্জুৰ পাছপ’ৰ্ট আৰু ভিছাৰ নথি-পত্ৰৰ ভুৱা হ’ব পাৰে বুলি সন্দেহ প্ৰকাশ কৰি চৰকাৰৰ নথি-পত্ৰবোৰ তদনেত কৰিবলৈ দাবী উত্থাপন কৰে ।
পত্নীয়ে বিবাহ বিচ্ছেদ দিয়াৰ বিষয়ে স্বামী অৰবিন্দ অৱগত নহয় বুলি উল্লেখ কৰাৰ লগতে অঞ্জুই আন পুৰুষক বিয়া কৰাব নোৱাৰে বুলি স্বামীয়ে স্পষ্ট কৰি দিয়ে । অৰবিন্দই সংবাদ মাধ্যমৰ আগত পুনৰ কয় "তেওঁ কৈছিল যে তেওঁ তিনি বছৰ আগতে দিল্লীত বিবাহ বিচ্ছেদৰ কাগজ জমা দিছিল ৷ কিন্তু মই কেতিয়াও আদালতৰ পৰা কোনো চমন লাভ কৰা নাছিলো । আইনগতভাৱে তাই এতিয়াও মোৰ পত্নী আৰু তাই আন কাকো বিয়া কৰাব নোৱাৰে । মই নিশ্চিতভাৱে তেওঁৰ বিৰুদ্ধে আইনী ব্যৱস্থা লম ।" অঞ্জু ভাৰতলৈ উভতি অহাৰ পিছত তেওঁৰ বিৰুদ্ধে অৰবিন্দই অপৰাধমূলক গোচৰ ৰুজু কৰিব বুলি কয় ।
অৰবিন্দই পুনৰ কয়, "মই পুনৰ অঞ্জুক মানি নলওঁ অৱশ্যে চূড়ান্ত সিদ্ধান্ত মোৰ ল'ৰা-ছোৱালীয়ে ল'ব । কিন্তু বৰ্তমান মোৰ সন্তানে তাইৰ লগত কথা পাতিবও নিবিচাৰে ।" লগতে অঞ্জুৱে পাকিস্তান ভ্ৰমণৰ বাবে ভুৱা নথি-পত্ৰ আৰু স্বাক্ষৰ ব্যৱহাৰ কৰিছিল বুলিও সন্দেহ প্ৰকাশ কৰে আৰু তদন্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনায় । তেওঁ কয় যে পাকিস্তানৰ নছৰুলাৰ সৈতে ‘নিকাহ’ সম্পন্ন হোৱাৰ পিছত তেওঁৰ আৰু অঞ্জুৰ মাজত কোনো ধৰণৰ যোগাযোগ হোৱা নাই ।
সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত অৰবিন্দে ভাৰত চৰকাৰে অঞ্জুৰ পাছপ’ৰ্ট আৰু ভিছা জব্দ কৰাৰ বাবে দাবী জনায় । যিহেতু অঞ্জুৱে ভিছা প্ৰক্ৰিয়া কেতিয়া কিদৰে সম্পূৰ্ণ কৰিলে সেই বিষয়ে মুঠেও অৱগত নাছিল অৰবিন্দ । আনকি কোনোদিনে পাছপ'ৰ্ট অফিচলৈ যোৱাও প্ৰত্যক্ষ কৰা নাছিল অপবিন্দই ।