অসম

assam

ETV Bharat / bharat

বলপূৰ্বক ধৰ্মান্তকৰণৰ অভিযোগত পাকিস্তানত তিনি অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ - বলপূৰ্বক ভাৱে শিখ যুৱতীক অপহৰণ কৰি ধৰ্মান্তকৰণ

বলপূৰ্বক ভাৱে শিখ যুৱতীক অপহৰণ কৰি ধৰ্মান্তকৰণ কৰি বিবাহত বহিবলৈ বাধ্য কৰোৱাৰ অভিযোগত পাকিস্তানৰ এখন আদালতে তিনি অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷ ঘটনা সন্দৰ্ভত অভিযুক্ত মুঠ আঠগৰাকীৰ ভিতৰত তিনিগৰাকীক শাস্তি প্ৰদান কৰি বাকী পাঁচগৰাকীক দোষমুক্ত ৷ মুঠ দহ হাজাৰ টকা জৰিমণা সহ প্ৰায় দুই বছৰৰ বাবে দুই গৰাকীক কাৰাগাৰলৈ প্ৰেৰণ ৷

Pakistan court sends 3 accused to jail in forced conversion case
Pakistan court sends 3 accused to jail in forced conversion case

By

Published : Jan 13, 2021, 9:01 PM IST

নেচনেল ডেস্ক, 13 জানুৱাৰী:পাকিস্তানৰ এক সন্ত্ৰাসবাদ বিৰোধী আদালতে বলপূৰ্বক অপহৰণৰ অভিযোগত তিনি অভিযুক্তক কাৰাগাৰলৈ প্ৰেৰণ কৰিছে ৷ 2019 চনত এগৰাকী শিখ ধৰ্মাৱলম্বী ছোৱালীক বলপূৰ্বকভাৱে অপহৰণ কৰি নি ধৰ্মান্তকৰণ কৰাৰ লগতে বলপূৰ্বক বিবাহৰ অভিযোগত আদালতে মুঠ আঠ গৰাকী অভিযুক্তৰ তিনি গৰাকীক জৰিমণা সহ প্ৰায় প্ৰায় দুই বছৰৰ বাবে কাৰাগৰলৈ প্ৰেৰণ কৰিছে ৷

আদালতে অভিযোগ কৰে যে অভিযুক্ত সকলে শিখ সম্প্ৰদায়ক আক্ৰমণৰ বাবে মানুহ একগোট কৰি হিংসাত্মক কাৰ্যৰ বাবে প্ৰৰোচিত কৰিছিল ৷ অৱশ্যে মুঠ অভিযুক্তৰ আঠ গৰাকীক আদালতে দোষমুক্ত বুলি ঘোষণা কৰে ৷

প্ৰাপ্ত তথ্য অনুসৰি নানকানা চাহিবৰ নিবাসী জগজিত কৌৰ নামৰ এগৰাকী ছোৱালীক তেওঁৰ ঘৰৰ পৰাই মহম্মদ এহচান আৰু তেওঁৰ পৰিয়ালে বলপূৰ্বক ভাৱে অপহৰণ কৰি ইছলাম ধৰ্মলৈ ধৰ্মান্তৰিত কৰি বিবাহত বহিবলৈ বাধ্য কৰোৱাৰ লগতে তেওঁৰ নাম জগজিত কৌৰৰ পৰা আয়েশালৈ সলনি কৰে ৷

এই ঘটনাৰ পাছতে পাকিস্তানত ধৰ্মীয় সংখ্যালঘু সকলৰ অৱস্থা লৈ বহু গভীৰ প্ৰশ্নৰ উত্থাপন হোৱাৰ পাছতে এই ঘটনা বৈশ্বিক আলোচনাৰ বিষয় হৈ পৰে ৷

লগতে পঢ়ক:সন্ত্ৰাসবাদৰ বিৰুদ্ধে বিশ্বক বিশেষ আহ্বান বৈদেশিক মন্ত্ৰী এছ জয়শংকৰৰ

ABOUT THE AUTHOR

...view details