নেশ্যনেল ডেস্ক, 26 ছেপ্টেম্বৰ:পুনৰ মঙলবাৰে বৃদ্ধি কৰা হ’ল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ন্যায়িক জিম্মাৰ সময়সীমা ৷ মঙলবাৰে পাকিস্তানৰ বিশেষ আদালতে ছাইফাৰ গোচৰত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানৰ ন্যায়িক জিম্মা পুনৰ 14 দিনৰ বাবে বৃদ্ধি কৰে ৷ যিয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ মুক্তিৰ সম্ভাৱনাক পুনৰ মষিমূৰ কৰি তোলে । খানৰ বিৰুদ্ধে চৰকাৰী গোপনীয়তা উলংঘাৰ গোচৰ ৰুজু হোৱাৰ পিছতে যোৱা বছৰৰ মাৰ্চ মাহত গ্ৰেপ্তাৰ কৰা হৈছিল পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খানক ।
তৃতীয়বাৰৰ বাবে খানক জিম্মাত লৈ জেললৈ প্ৰেৰণ কৰা হৈছিল । পূৰ্বৰ 14 দিনীয়া জিম্মাৰ মঙলবাৰে অন্ত পৰে । বিশেষ আদালতৰ ন্যায়াধীশ আবুয়াল হাছনাত জুলকেৰনাইনে জিলা কাৰাগাৰ এটকত শুনানি গ্ৰহণ কৰে, য’ত খানক তোষখানা গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছত 5 আগষ্টৰ পৰা আটক কৰি ৰখা হৈছে ।