অসম

assam

ETV Bharat / bharat

দক্ষিণ আফ্ৰিকাৰ বিৰূদ্ধে পাকিস্তানৰ শৃংখলা জয় - এদিনীয়া

দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে তৃতীয় তথা অন্তিম এদিনীয়াত পাকিস্তানে দক্ষিণ আফ্ৰিকাক ২৮ ৰাণত পৰাস্ত কৰি ২-১ ৰ ব্যৱধানত শৃংখলা জয় কৰে ৷ এই শৃংখলাটো হৈছে পাকিস্তানৰ দক্ষিণ আফ্ৰিকাৰ মাটিত দলটোৰ বিৰূদ্ধে দ্বিতীয়টো এদিনীয়া শৃংখলা জয়।

Pakistan beat SA to clinch ODI series 2-1
দক্ষিণ আফ্ৰিকাৰ বিৰূদ্ধে পাকিস্তানৰ শৃংখলা জয়

By

Published : Apr 8, 2021, 8:23 PM IST

স্পোৰ্টচ ডেক্স, 8এপ্ৰিল: দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত তৃতীয় তথা অন্তিম এদিনীয়া খেলখনত পাকিস্তানে দলটোক ২৮ ৰাণত পৰাস্ত কৰি ২-১ ৰ ব্যৱধানত শৃংখলা জয় কৰিবলৈ সক্ষম হয় ৷ দ্বিতীয়খন এদিনীয়াৰ পিছতে দক্ষিণ আফ্ৰিকাৰ কেইবাগৰাকীও খেলুৱৈ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অংশগ্ৰহণ কৰিবলৈ ভাৰতলৈ ৰাওনা হোৱাৰ পিছত খেলপথাৰত প্ৰদৰ্শন নিম্নগামী হোৱা দলটোৱে টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লয় । দ্বিতীয়খন এদিনীয়াত ১৯৩ ৰাণ সংগ্ৰহ কৰা পাকিস্তানৰ অপেনাৰ বেটছ্​মেন ফখৰ জামানে ক্ৰমাগত দ্বিতীয়টো শতক অৰ্জন কৰাৰ পিছত অতিথি দল পাকিস্তানে সৰ্বমুঠ ৩২০ ৰাণ কৰিবলৈ সক্ষম হয় ৷

খেলখনত কেপ্টেইন বাবৰ আজমে ৯৪ ৰাণ সংগ্ৰহ কৰে । ফখৰ জামানে (১০১) ইমাম-উল-হকৰ (৫৭) সৈতে ১১২ ৰাণৰ পাৰ্টনাৰশ্বিপ আগবঢ়োৱাৰ পিছতে হকে বাবৰৰ সৈতে দ্বিতীয় উইকেটৰ বাবে ৯৪ ৰাণৰ পাৰ্টনাৰশ্বিপ কৰে । অৱশ্যে তাৰ পিছত, পাকিস্তানৰ মিডল অৰ্ডাৰ বেটছ্​মেন সকলৰ অধিকাংশই চন্দহীনতাৰ সন্মুখীন হয় ৷ 38তম অভাৰত ফলাফল 214/2 ৰ পৰা 46 তম অভাৰত 257/6 লৈ উইকেটৰ অৱনতি ঘটে । ইয়াৰ পিছত হাছান আলীয়ে চাৰিটা ছয় আৰু এটা চাৰিৰ দ্বাৰা ১১ টা বলত ৩৪ ৰাণ সংগ্ৰহ কৰি পাকিস্তানক ৩০০ ৰাণৰ সীমা অতিক্ৰম কৰোৱায় ।

হাছান আলী আৰু বাবৰৰ যুগলবন্দীয়ে সপ্তম উইকেটত 63 ৰাণ সংগ্ৰহ কৰে মাত্ৰ 24 টা বলৰ ব্যৱধানত ৷ ইয়াৰ প্ৰত্যুত্তৰত এটা পৰ্যায়ত ১২৭/২-ত অৱস্থান কৰা দক্ষিণ আফ্ৰিকাক দেখা গৈছিল যথেষ্ট সম্ভাৱনাময় ৰূপত । অৱশ্যে, তিনিটাকৈ উইকেটৰ ক্ষীপ্ৰ পতনে তেওঁলোকৰ শক্তি যথেষ্ট পৰিমাণে হ্ৰাস কৰে আৰু ১৪০/৫ পোৱালৈকে দক্ষিণ আফ্ৰিকাই এক ডাঙৰ ব্যৱধানত খেলখন হেৰুৱাব বুলি ধাৰণা কৰা হৈছিল । অৱশ্যে, এণ্ডিল ফেহলুকৱায়ো আৰু কাইল ভেৰেনেৰ মাজত ষষ্ঠ উইকেটৰ ১০৮ ৰাণৰ পাৰ্টনাৰশ্বীপে খেলপথাৰত জীয়াই ৰাখিছিল দলটোক । কিন্তু, ক্ৰমান্বয়ে দুয়োটা উইকেট হেৰুৱাৰ ফলত ২৫১/৭ ত স্তব্ধ হৈ পৰে দক্ষিণ আফ্ৰিকাৰ স্কোৰকাৰ্ড ৷

পাকিস্তানে প্ৰথমখন এদিনীয়াত তিনি উইকেটত জয়লাভ কৰিছিল যদিও দ্বিতীয়খন মেচত দক্ষিণ আফ্ৰিকা ১৭ ৰাণত জয়ী হৈছিল । উল্লেখযোগ্য যে, পাকিস্তানৰ এই শৃংখলাটো দক্ষিণ আফ্ৰিকাৰ মাটিত দলটোৰ বিৰূদ্ধে দ্বিতীয়টো এদিনীয়া শৃংখলা জয় । ইয়াৰ আগতে, 2013-14 বৰ্ষত পাকিস্তান দক্ষিণ আফ্ৰিকাৰ মাটিত দ্বিপাক্ষিক এদিনীয়া শৃংখলা জয় কৰা প্ৰথমটো উপ-মহাদেশীয় দল হিচাপে পৰিগণিত হৈছিল ।

লগতে পঢ়ক: আই চি চি এদিনীয়া আন্তঃৰাষ্ট্ৰীয়ৰ ৰেংকিঙৰ শীৰ্ষ 12 ত ফখৰ জামান

ABOUT THE AUTHOR

...view details