নেশ্যনেল ডেস্ক,২৮ ছেপ্টেম্বৰ :জম্মু-কাশ্মীৰৰ সীমান্ত অঞ্চলত পাকিস্তানী সন্ত্ৰাসবাদী আৰু নিৰাপত্তা বাহিনীৰ মাজত সংঘৰ্ষ অব্যাহত আছে । বিভিন্ন স্থানত সেনা তথা আৰক্ষীয়ে এনকাউণ্টাৰো অব্যাহত ৰাখিছে । ইয়াৰ মাজতে জম্মু-কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (LoC) উৰি চেক্টৰত সেনাৰ গুলিত নিহত হয় এটা সন্ত্ৰাসবাদী ৷ লগতে আন এটা সন্ত্ৰাসবাদীক আটক কৰিবলৈ সক্ষম হৈছে আৰক্ষী ।
মঙলবাৰে এক অভিযানৰ মাজতে সেনাৰ হাতত নিহত হয় সন্ত্ৰাসবাদীজন । জানিব পৰা মতে উৰিত ১৮ আৰু ১৯ ছেপ্টেম্বৰৰ পৰা চলি থকা শেহতীয়া অনুপ্ৰৱেশৰ মাজতে আটকাধীন সন্ত্ৰাসবাদীটো প্ৰৱেশ কৰিছিল । ইফালে সেনা আৰু সন্ত্ৰাসবাদীৰ মাজত হোৱা গুলীয়াগুলিত চাৰিগৰাকীকৈ সেনাও গুলীবিদ্ধ হৈছে বুলি জানিব পৰা গৈছে ।