নেশ্যনেল ডেস্ক, 27 আগষ্ট: শনিবাৰে সন্ধিয়া কলকাতাত পাকিস্তানৰ চোৰাংচোৱা হিচাপে কাম কৰা এজন 36 বছৰীয়া যুৱকক গ্ৰেপ্তাৰ কৰাৰ খবৰ প্ৰকাশ হোৱাৰ পিছতে বিজেপিৰ পশ্চিম বংগৰ সভাপতি সুকান্ত মজুমদাৰে গুৰুতৰ অভিযোগ তোলে মমতা বেনাৰ্জী নেতৃত্বাধীন বংগ চৰকাৰৰ বিৰুদ্ধে ৷ মজুমদাৰে কয়, "পাকিস্তানৰ ISI ৰ সন্দেহযুক্ত এজেণ্টসকল কেৱল ৰাজ্যখনত থকাই নহয়, ৰাষ্ট্ৰবিৰোধী কাৰ্যকলাপৰ ঘাটি হিচাপেও ব্যৱহাৰ কৰিছে ৰাজ্যখনক ।"
শনিবাৰে ANIৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মজুমদাৰে মমতা বেনাৰ্জী চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰি দাবী কৰে, "আমাৰ ইয়াত পশ্চিম বংগত এখন পাকিস্তান প্ৰেমী চৰকাৰ আছে । এই কাৰণেই দেশৰ স্বাৰ্থৰ বিৰুদ্ধে কাম কৰা লোকসকলে বিশেষকৈ ISI ৰ এজেণ্টসকলে তেওঁলোকৰ কাৰ্যকলাপৰ ভিত্তি হিচাপে আৰু নিৰাপদ আশ্ৰয়স্থল হিচাপে বংগক ব্যৱহাৰ কৰি আহিছে ।"
প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি ISI ৰ সন্দেহযুক্ত লোকজনৰ পৰা কেইবাটাও স্পৰ্শকাতৰ নথি জব্দ কৰা হৈছে । বিজেপি নেতাগৰাকীয়ে আৰু অভিযোগ কৰে যে পাকিস্তানস্থিত ISI এজেণ্টসকলে “মুখ্যমন্ত্ৰী আৰু তেওঁৰ চৰকাৰৰ পৰা সমৰ্থন লাভ কৰিছে” । শাসকীয় তৃণমূল কংগ্ৰেছে এই অভিযোগৰ বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ।